অসম আৰক্ষীক ভুৱা প্ৰচাৰৰ পৰা বিৰত থকাৰ সকীয়নি আলফাৰ

আলফা(স্বাঃ)ৰ দ্বাৰা অইলৰ বিষয়া-কৰ্মচাৰী অপহৰণৰ আশংকা। অইল কৰ্তৃপক্ষলৈ আৰক্ষীৰ সতৰ্কতা জাৰি। এই সন্দৰ্ভত চোৰাংচোৱা সংস্থাই লাভ কৰিছে তথ্য। আৰক্ষীয়ে পত্ৰযোগে সাৱধান কৰি দিছে অইল কৰ্তৃপক্ষক। নিৰাপত্তা বিভাগৰ মহা-প্ৰৱন্ধকলৈ প্ৰেৰণ কৰা এখন পত্ৰই সৃষ্টি কৰিছে চাঞ্চল্যৰ। অইলৰ তৈলক্ষেত্ৰৰ পৰা যিকোনো মুহূৰ্তত বিষয়া-কৰ্মচাৰীক অপহৰণৰ টাৰ্গেট। নিৰাপত্তাৰ দিশত কঠোৰ হ’বলৈ নিৰ্দেশ OIL কৰ্তৃপক্ষক। পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ নিৰ্দেশ।

পত্ৰখনত উল্লেখ কৰা অনুসৰি আলফা স্বাধীন বা সংগঠনটোৰ সমৰ্থকে (লিংকমেন) ডিব্ৰুগড় জিলাৰ অইলৰ তৈলক্ষেত্ৰৰ পৰাই যিকোনো মুহূৰ্তত বিষয়া কৰ্মচাৰী অপহৰণৰ টার্গেট কৰাৰ তথ্য চোৰাংচোৱা সন্থাই লাভ কৰিছে। সেয়েহে, বিষয়টোৰ গুৰুত্ব বুজি অইলৰ বিষয়া-কৰ্মচাৰীসকলৰ নিৰাপত্তাৰ দিশটো কঠোৰ কৰি তোলাৰ লগতে বিশেষকৈ অইলৰ ড্রিলিং ৰিগ, ৱৰ্কঅভাৰ ৰিগ আদিত সশস্ত্ৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে স্থানীয় সুৰক্ষা কৰ্মীৰ সৈতে যুটীয়া পহৰাদাৰী, আৰক্ষীৰ পহৰাদাৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা পত্ৰখনত অইলক পৰামৰ্শ দিছে। লগতে এই কঠোৰ নিৰাপত্তা ব্যৱস্থা আগন্তুক ২৮ ফেব্ৰুৱাৰীলৈ বাহাল ৰাখিবলৈ কোৱা হৈছে।

ইফালে, অপহৰণৰ আশংকা সন্দৰ্ভত আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া

‘আলফা(স্বাঃ)ই তেনে কোনো পৰিকল্পনা কৰা নাই’
‘অসম আৰক্ষীৰ ই এক উদ্দেশ্যপ্ৰণোদিত অপ-কৌশল’
ঊৰ্ধতন কৰ্তৃপক্ষৰ স্বাৰ্থ পূৰণৰ বাবে এই কৌশল
আঁৰত আছে বিত্তীয় কেলেংকাৰি কৰিব পৰা এক সুচল পথ
ভয়-ভীতি প্ৰদৰ্শনেৰে নিজৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰিছে
‘অইলৰ পৰা মোটা অংকৰ ধন আত্মসাতৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে’
অসম আৰক্ষীক ভুৱা প্ৰচাৰৰ পৰা বিৰত থকাৰ সকীয়নি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...