সমাজ কল্যাণ বিভাগত সংস্কাৰমুখী যাত্ৰা

সমাজ কল্যাণ বিভাগৰ সামগ্ৰিক ব্যৱস্থাটোৰ ব্যাপক সংস্কাৰ সাধন আৰু নিৰীক্ষণ কৰাৰ লক্ষৰে আজি ‘Enirikshyan'(ই-নিৰীক্ষণ) নামৰ ৱেব পৰ্টেলটো মুকলি কৰে মন্ত্ৰী অজন্তা নেওগে। বিভাগটোৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়া আৰু প্ৰয়োজনীয় তথ্য অধিক স্বচ্ছতাৰে (Transparent) উপলব্ধ কৰাত ডিজিটেল প্লেটফৰ্মটোৱে এক ফলপ্ৰসূ ভূমিকা পালন কৰিব। এতিয়াৰেপৰা সমাজ কল্যাণ বিভাগৰ বদলিকৰণ, নতুন নিযুক্তি, অৱসৰ ইত্যাদি সকলো তথ্য এই পৰ্টেলত উপলব্ধ হ’ব। কাৰ্যালয়ৰ কৰ্মী, সহায়ক আৰু তেওঁলোকৰ প্ৰগতিৰ মাহিলী প্ৰতিবেদনৰ লগতে অংগনৱাড়ী কেন্দ্ৰ আৰু বেচৰকাৰী সংস্থাৰ বিভিন্ন কামৰ প্রতিবেদনো পৰ্টেলটোত নিয়মিতভাৱে প্ৰকাশিত হ’ব। পূৰ্বতে এনে বৃহৎ পৰিসৰত বিভাগটোৰ কাম-কাজক পৰ্যবেক্ষণ কৰাৰ কোনো সু-সংগঠিত ব্যৱস্থা নথকাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই নতুন পৰ্টেলৰ সংযোজনে কাৰ্য ব্যৱস্থাক পূৰ্বতকৈ অধিক সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ’ব বুলি মত প্ৰকাশ কৰিছে মন্ত্ৰী নেওগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...