হাইদৰাবাদলৈ যোৱাৰ পূৰ্বে পঢ়ক এই প্ৰতিবেদন

আপুনিও যদি ফুৰি ভাল পায় তেন্তে ভবিষ্যতে নিশ্চয় হাইদৰাবাদলৈ যোৱাৰ পৰিকল্পনা কৰিছে, নহয়নে? হাইদৰাবাদৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰে বাবে হাইদৰাবাদলৈ প্ৰতি বছৰে বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটে। ইয়াৰোপৰি শিক্ষামূলক ভ্ৰমণৰ বাবেও হাইদৰাবাদলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটা দেখা যায়। আপুনিও যদি হাইদৰাবাদলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আমি আপোনাক হাইদৰাবাদৰ এনে কেইখনমান পৰ্যটনস্থলীৰ বিষয়ে জনাম যি সমূহ আপুনি হাইদৰাবাদলৈ গ’লে চাব পাৰিব।

১. গলকন্দা ফৰ্ট : হাইদৰাবাদৰ আকৰ্ষণীয় পৰ্যটনস্থলী সমূহৰ ভিতৰত গেলকন্দা ফৰ্ট অন্যতম। ইয়াৰ নিৰ্মাণ ১৬০০ চনত সম্পূৰ্ণ কৰা হৈছিল। গলকন্দাৰ ওপৰত প্ৰচলিত কাহিনী, ইয়াৰ ইতিহাস আৰু ৰহস্য সমূহৰ বাবে ই পৰ্যটকসকলৰ মাজত অধিক আকৰ্ষণক কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰু হাইদৰাবাদৰ উল্লেখযোগ্য পৰ্যটনস্থলীসমূহৰ মাজত অন্যতম এটা বুলি ধৰা হয়। গলকন্দা ফৰ্টত আপুনি পুৱা ৯বজাৰ পৰা বিয়লি ৫:৩০ বজালৈকে ফুৰিব পাৰিব। উল্লেখযোগ্য যে ভাৰতীয়সকলে তাত ফুৰাৰ বাবদ ৫টকা আৰু বিদেশী সকলে ১০০ টকা পৰিশোধ কৰিব লাগে।

২. ৰাম’জী ফিল্ম চিটি : হাইদৰাবাদৰ উল্লেখযোগ্য পৰ্যটনস্থলীসমূহৰ ভিতৰত ৰাম’জী ফিল্ম চিটি অন্যতম। যদি আপুনি চিনেমাৰ অনুৰাগী হয় তেন্তে আপুনি হাইদৰাবাদস্থিত ৰাম’জী ফিল্ম চিটিলৈ নিশ্চয় যাব লাগে।১৯৯১ চনত ৰাম’জী ৰাৱৰ দ্বাৰা এই ৰাম’জী ফিল্ম চিটি প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াতো আপুনি পুৱা ৯বজাৰ পৰা বিয়লি ৫:৩০ বজালৈকে ফুৰিব পাৰিব।

৩. ছাৰমিনাৰ : আপুনি হাইদৰাবাদলৈ গ’লে নিশ্চয়কৈ যাব ছাৰমিনাৰলৈ। হাইদৰাবাদৰ উল্লেখযোগ্য পৰ্যটনস্থলীসমূহৰ ভিতৰত ছাৰমিনাৰ অন্যতম। ১৫৯১ চনত মহম্মদ কুলি কুটুব শ্বাহে ছাৰমিনাৰ নিৰ্মাণ কৰিছিল। ছাৰমিনাৰৰ নিৰ্মাণৰ বাবে মাাৰ্বল পাথৰ, গ্ৰেণাইত পাথৰকে ঘৰি কেইবাবিধো পাথৰ ব্যৱহাৰ কৰা হৈছিল।

বি:দ্ৰ : এই প্ৰতিবেদন সাধাৰণ তথ্য আৰু স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...