চিৰকুমাৰ ৰতন টাটাৰ জীৱনলৈ আহিছিল কেইবাবাৰো প্ৰেম

চিৰকুমাৰ ৰতন টাটাৰ জীৱনলৈ আহিছিল কেইবাবাৰো প্ৰেম। ৪ বাৰলৈ প্ৰেমত পৰিছিল ভাৰতৰ উদ্যোগ জগতৰ মহীৰূহগৰাকী। যদিও অবিবাহিত আছিল তেওঁৰ প্ৰেম জীৱনক লৈ হৈছিল ব্যাপক চৰ্চা।

বুধবাৰে নিশা মুম্বাইৰ এখন হাস্পতালত মৃত্যু ভাৰতৰ উদ্যোগ জগতৰ প্ৰবীণ তাৰকাগৰাকীৰ। ৮৭ বছৰীয়া দানবীৰ ৰতন টাটাৰ মৃত্যুত শোকাচ্ছন্ন সমগ্ৰ দেশ। বিগত কিছুদিন ধৰি তেওঁৰ স্বাস্থ্যক লৈ দেশবাসী হৈ আছিল উদ্বিগ্ন। সোমবাৰে নিজৰ X হেণ্ডেলত ৰতন টাটাই সদৰী কৰিছিল বাৰ্ধক্যজনিত কিছু সমস্যাৰ লগতে নিয়মমাফিক স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁ চিকিৎসাধীন হৈ আছে। বুধবাৰে মাজনিশাই আহিল ভাৰতৰ শিল্পজগতৰ অন্যতম ৰত্ন ৰতন টাটাৰ মৃত্যুৰ খবৰ। সাধাৰণ জীৱন–যাপনৰ বাবে প্ৰখ্যাত আছিল দেশৰ শিল্পজগতৰ মহীৰূহগৰাকী। সুদৰ্শন ৰতন টাটাৰ ব্যক্তিগত জীৱনক লৈ হৈছিল ব্যাপক চৰ্চা। তেওঁ কিয় আজীৱন অবিবাহিত হৈ ৰ’ল তাক লৈ উঠিছিল বহু প্ৰশ্ন।

ৰতন টাটাই নিজেই সদৰী কৰিছিল তেওঁৰ প্ৰেম জীৱনৰ কথা। ৪ গৰাকী নাৰীৰ সান্নিধ্যই তেওঁক প্ৰেমপাশত আবদ্ধ কৰিছিল। কিন্তু বিভিন্ন কাৰণত তেওঁৰ প্ৰেমে পূৰ্ণতা নাপালে। কাৰ কাৰ সৈতে প্ৰেমত পৰিছিল দেশৰ Most Eligible Bachelorগৰাকী?

স্বয়ং টাটাই জনোৱা মতে, আমেৰিকাত কাম কৰাৰ সময়ত এগৰাকী আমেৰিকান যুৱতীৰ প্ৰেমত পৰিছিল তেওঁ। অৰ্ধাংগিনী হিচাপে সেই যুৱতীক মনত বহুৱাইছিল টাটাই। কিন্তু ভাৰত আহিবলৈ অমান্তি হোৱাত সেই সম্পৰ্ক হয় ছিন্ন।

সেই আমেৰিকান প্ৰেমিকাই ভাৰত আহিবলৈ অস্বীকাৰ কৰাত টাটাৰ প্ৰেম বিঘ্নিত হয়। সেই সময়ত হোৱা ভাৰত–চীন যুদ্ধৰ মাজতে আমেৰিকান প্ৰেয়সীয়ে অন্য এজন আমেৰিকানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাত মন ভাঙি যায় ৰতন টাটাৰ। তেওঁ তাৰপাছত টাটা গোষ্ঠীৰ কোম্পানীবোৰৰ উত্তৰণৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে।

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী চিমি গাৰোৱালৰ সৈতে নাম সাঙোৰ খাইছিল টাটাৰ। দুয়ো বিভিন্ন স্থানত একেলগ হৈছিল, ইজনে সিজনক প্ৰশংসা কৰিছিল। ৰতন টাটাক পুৰুষ হিচাপে নিখুত বুলি কৈছিল চিমিয়ে। কিন্তু ৰতন টাটাৰ সৈতে তেওঁৰ সম্পৰ্ক সোনকালে ছিন্ন হয়। ১৯৭০ চনত ‘মেৰা নাম জ’কাৰ’ৰ অভিনেত্ৰীগৰাকী ৰবি মোহনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

ৰবি মোহনৰ সৈতে ৩ মাহৰ দীৰ্ঘ দূৰত্ব সম্পৰ্কৰ পিছত ২৭বছৰ বয়সত বিবাহপাশত বহে চিমি গাৰোৱাল। কিন্তু ৰতন টাটাৰে তেওঁৰ সম্পৰ্ক কিয় ছিন্ন হয় সেই বিষয়ে নাই কোনো তথ্য।

টাটাৰ মৃত্যুত চিমি গাৰোৱালে X হেণ্ডেলত প্ৰকাশ কৰিছে শোক। অভিনেত্ৰীগৰাকীয়ে লিখিছে– ‘তেওঁলোকে ক’লে যে তুমি গ’লাগৈ। তোমাক হেৰুওৱাটো মোৰ বাবে অসহনীয় আছিল। বিদায় মোৰ বন্ধু।’

ৰতন টাটাৰ আন দুগৰাকী মহিলাৰ সৈতেও প্ৰেমৰ সম্পৰ্কৰ বিষয়ে গুজৱ ওলাইছিল যদিও সেই বিষয়ে ইতিহাস নিমাত। বিবাহত নবহা আৰু পৰিয়াল নথকাৰ কথাটোৱে তেওঁক কেতিয়াবা অকলশৰীয়া অনুভৱ কৰাইছিল বুলি ইতিমধ্যে উল্লেখ কৰি থৈ গৈছে এক বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ অধিকাৰীজনে। অৱশ্যে বহু সময়ত তেওঁ অকলশৰীয়া জীৱনটো মুক্ত জীৱন হিচাপে উপভোগ কৰা বুলিও স্বীকাৰ কৰিছে। হয়তো অবিবাহিত হৈ ৰোৱাৰ ফলতেই দেশবাসীয়ে অন্য এজন ৰতন টাটাক লাভ কৰিলে যি সম্পদ আহৰণ কৰিছিল কেৱল দেশবাসীৰ কল্যাণৰ বাবে। এইজন দেশপ্ৰেমী চিৰস্মৰণীয় হৈ ৰ’ব ভাৰতবাসীৰ বাবে। বিদায় টাটা…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...