শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটলৈ

দেশৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট। স্বামী-স্ত্ৰী দুয়ো লাভ কৰিলে ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান। এই বঁটা লাভ কৰি যথেষ্ট আনন্দিত হ’ল ৰণবীৰ-আলিয়া। ফিল্মফেয়াৰৰ মঞ্চতে নাচি উঠিল তাৰকাদ্বয়।

২৮ জানুৱাৰীত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হ’ল ৬৯ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড
শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটলৈ
‘এনিমেল’ ছবিত দুৰ্দান্ত অভিনয়েৰে শ্ৰেষ্ঠ অভিনেতা নিৰ্বাচিত ৰণবীৰ কাপুৰ
ৰকী অ’ৰ ৰাণী কী প্ৰেম কাহিনীত অভিনয়েৰে শ্ৰেষ্ঠ অভিনেত্ৰী হ’ল মোহময়ী আলিয়া

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বাবে বিশেষ হ’ল ২০২৪ বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ড। শ্ৰেষ্ঠ অভিনেতা -অভিনেত্ৰীৰ শিৰোনাম দখলেৰে জিলিকিল এই জনপ্ৰিয় দম্পতি। কৰণ জোহৰ পৰিচালিত ‘ৰকী আৰু ৰাণী কী প্ৰেম কাহানী’ত অভিনয়েৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিলে মোহময়ী আলিয়া ভাটে। চন্দিপ ৰেড্ডি ভাংগাৰ এনিমেল ছবিত অভিনয়েৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে ৰণবীৰে।

ব্লেক লেডি ট্ৰফী হাতত লৈ ফিল্মফেয়াৰৰ মঞ্চত একেলগে পজ দিলে ৰণবীৰ-আলিয়াই

আনন্দৰ এই সুন্দৰ মুহূৰ্তত ফিল্মফেয়াৰৰ মঞ্চতে পত্নীক চুমা যাঁচিলে ৰণবীৰে। শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী হোৱাৰ আনন্দতে আৱেগিক হৈ পৰিল আলিয়া-ৰণবীৰ। এলিমেলৰ ‘জামাল কুডু’ গীতটিৰ নাচি উঠিল ৰণবীৰ-আলিয়া। দুয়োৰে এই আনন্দৰ মুহূৰ্তটো সম্প্ৰতি ভাইৰেল হৈছে সামাজিক মাধ্যমত। ক’লা পেণ্টৰ সৈতে এটা বগা ব্লেজাৰ পৰিধান কৰি ফিল্মফেয়াৰৰ মঞ্চলৈ উঠি গৈছিল ৰণবীৰ । আলিয়াৰ পৰিধানত আছিল এখন বেইজ ৰঙৰ ষ্টেটমেন্ট শাৰী। এই সাজেৰে যথেষ্ট আকৰ্ষণীয় দেখা গৈছিল মোহময়ী আলিয়াক।

অৱশ্যে এই আনন্দৰ মাজতে পিতৃ ঋষি কাপুৰৰ কথা কৈ মঞ্চতে আবেগিক হৈ পৰিল ৰণবীৰ। এই বিশেষ মুহূৰ্তত উল্লেখ কৰিলে কন্যা ৰাহাৰ কথাও। এনেদৰে কোনো চলচ্চিত্ৰ বঁটা অনুষ্ঠানত তাৰকা দম্পতিয়ে শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰি অনাটো বলীউডত বিৰল বুলি ক’ব পাৰি।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...