ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ। কিয়নো জোনৰ ওপৰত ভিত্তি কৰি মঙলবাৰৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ ৰমজান মাহ। বিশ্ব শান্তিৰ হকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ ওৰেটো মাহ পালন কৰিব ৰোজা ৰখা পৰ্ব। ইয়াৰ লগে লগেই ৰমজানে আনিব ঈদৰ বতৰা। হেঁপাহ, আনন্দৰে আল্লাহৰ ওচৰত দোৱাৰে আনিব বিশ্ব শান্তিৰ বতৰা।

প্ৰতি দিনে পুৱতি নিশা চেহেৰী অৰ্থাৎ ৰোজা ৰখাৰ আহাৰ গ্ৰহণ কৰি ওৰেটো দিন খাদ্যতো দুৰৰে কথা পানী এটুপিও নোখোৱাকৈ অনাহাৰে থাকি সূৰ্য অস্ত যোৱাৰ পিছত ইফতাৰ অৰ্থাৎ ফল মূল আৰু সুস্বাদু ব্যঞ্জন গ্ৰহণ কৰি ভংগ‌‍ কৰা হব ৰোজা। এনেদৰেই ৰমজানৰ ওৰেটো মাহ এই কঠোৰ ব্ৰত পালন কৰে ইছলামধৰ্মী লোকসকলে। কিয়নো ইছলামৰ মতে –
ত্যাগ আৰু আত্মসংযমৰ সময় মাহ-এ-ৰমজান 
আত্মশুদ্ধি, বিশ্বশান্তি কামনাৰ সময় মাহ-এ-ৰমজান
ঈদৰ বতৰা কঢ়িয়াই অনাৰ বাট মাহ-এ-ৰমজান

ৰমজান মাহ শেষ হোৱাৰ পিছ দিনাই অনুষ্ঠিত হয় ঈদ উল ফিতৰ। দোশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে আৰম্ভ হয় উছাহৰ ঢল। তাহানিতেই ভূপেন হাজৰিকাৰ সৈতে ৰফী চাহাবে গাই যোৱাৰ দৰেই ‘ৰমজানৰে ৰোজা গল ওলাল ঈদৰ জোন, চেনেহৰে মেহফিলতে বহে আজি কোন কোন..’

ৰমজান মাহ উপলক্ষে বজাৰ ভৰি পৰিছে আৰবৰ খেজুৰ, চেৱৈ, ফলমূল আদিৰে। মূল্য বৃদ্ধিৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিবলৈ আগবাঢ়িছে ৰমজান মাহ। 

পৱিত্ৰ ৰমজান মাহ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে দিছে শুভেচ্ছা। শুভেচ্ছা দিছে কেন্দ্ৰীয় হিলাল কমিটিয়েও। এনেকৈয়ে ত্যাগ আৰু সংযমৰ পৱিত্ৰ মাহ ৰমজাৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰ। আৰম্ভ হৈছে বিশ্ব শান্তিৰ হকে দোৱা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...