ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন

উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন প্ৰদান কৰে। পেৰাৰিভালন জামিনৰ বাবে যোগ্য হয় নে নহয় সেই বিষয়টো শীৰ্ষ আদালতৰ বিবেচনাধীন আছিল কিয়নো ৰাজ্যপালে এতিয়াও কাৰাগাৰৰ পৰা মুক্তি বিচৰা তেওঁৰ আবেদনৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত এখন বিচাৰপীঠে কয় যে – যিহেতু তেওঁ ইতিমধ্যে ৩০ বছৰতকৈও অধিক সময় ধৰি কাৰাগাৰত কটাইছে, সেয়েহে অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজৰ তীব্ৰ বিৰোধিতা স্বত্বেও তেওঁ জামিনৰ যোগ্য বুলি আমি বিবেচনা কৰো”।

ন্যায়াধীশ বি আৰ গাভাইক লৈ গঠিত বিচাৰপীঠখনে উল্লেখ কৰে যে, পেৰাৰিভালনৰ ৩২ বছৰ কাৰাবাস ৰখাৰ বিষয়ে কোনো বিবাদ নাই আৰু আদালতক জনোৱা হৈছিল যে, তেওঁক আগতে দুবাৰ পেৰলত মুকলি কৰা হৈছিল।

পেৰাৰিভালনে কৈছিল যে, ৰাজ্যপালে এতিয়াও ৰেহাইৰ বাবে তেওঁৰ প্ৰাৰ্থনাৰ বিষয়ে সিদ্ধান্ত লোৱা নাই আৰু পলম হোৱাটো জামিনৰ ভিত্তি।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...