আজি RCBৰ বিৰুদ্ধে মুখামুখি হ’ব RR, বিশেষ দৃষ্টি থাকিব অসমৰ ৰিয়ান পৰাগৰ ওপৰত

চলিত আই পি এলত প্ৰত্যাশিতভাবে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে৷ আই পি এলৰ উদ্ধোধনী বৰ্ষৰ চেম্পিয়ন দলটোৱে ইতিমধ্যে খেলা প্ৰথম তিনিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰিছে৷ কাইলৈ জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব৷ গৃহভূমিত খেলিব লগা মেচখনক লৈ দলটো আত্মবিশ্বাসী বুলি আজি সাংবাদমেলত ব্যক্ত কৰিছে ৰয়েলছৰ সদস্য তথা টীম ইণ্ডিয়াৰ স্পীনাৰ যুজবেন্দ্ৰ চাহালে৷

‘আমি প্ৰথম তিনিখন মেচত দলীয় শক্তিৰে জয়লাভ কৰিবলৈ সক্ষম হৈছো৷ দৃঢ় বেটিং লগতে সুন্দৰ বলিং৷ এই সফলতা অব্যাহত ৰাখি কাইলৈৰ মেচতো অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছো৷ আমাৰ মিডিল অৰ্ডাৰ বেটিং এইসময়ত সৰ্বশ্ৰেষ্ঠ৷ আনহাতে, পেচ বলিঙো সৰ্বোত্তম৷’ চাহালে ব্যক্ত কৰে৷

ইফালে, কাইলৈৰ এই বিশেষ মেচখনক লৈ ৰাজস্থান ৰয়েলছে আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে৷ সেই অনুসৰি ‘পিংক প্ৰ’মিছ’ মেচত দুয়োটা দলে ছিক্সাৰ মাৰিলে প্ৰতিটো ছয়ৰ বিপৰীতে ছটা ঘৰত সৌৰশক্তিৰ ব্যৱস্থা কৰিব ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনে৷ উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ৷ এই মেচখনত ৰয়েলছে বিশেষ অল-পিংক মেচডে কিট পিন্ধিব, যিবোৰত সন্মানৰ চিন হিচাপে আৰ আৰ এফৰ কিছুমান বিশেষ মহিলা হিতাধিকাৰীৰ নামো লিখা থাকিব৷

ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্ৰয় কৰা প্ৰতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে এশ টকাকৈ দান কৰিব৷ ইয়াৰ পূৰ্বে ৰয়েলছে এয়াও ঘোষণা কৰিছে যে প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা ধনো ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনক দিয়া হ’ব৷

‘ঔৰত হেই তো ভাৰত হেই’ৰ দৃষ্টিভংগীৰে ২০১৯ চনত প্ৰতিষ্ঠা হোৱা আৰ আৰ এফে জন্মৰে পৰাই ৰাজস্থানৰ সৱল মহিলাসকলৰ বাবে পানী, জীৱিকা, স্বচ্ছ শক্তি আৰু মানসিক স্বাস্থ্যৰ সমতাপূৰ্ণ সুবিধাৰ জৰিয়তে সুবিধা প্ৰদানৰ কাম কৰি আহিছে৷ সৌৰশক্তি হৈছে স্বচ্ছ শক্তিৰ ব্যৱহাৰৰ এক মূল উপাদান৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে কয় যে ফাউণ্ডেচনে বিগত পাঁচ বছৰত ৰাজস্থানৰ ডেৰ কোটিতকৈও অধিক মহিলাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে৷ এয়া কেবল ৰাজস্থানতে সীমাবদ্ধ হৈ থকা নাই৷ ইয়াৰ জড়িয়তে সমগ্ৰ দেশতে এটা গ্ৰাম্য ৰূপান্তৰ আৰ্হি সৃষ্টি কৰা হৈছে৷ উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ পূৰ্বে ৰয়েলছ দলৰ খেলুৱৈসকলে ৰাজস্থানৰ গাঁৱলৈ গৈ মহিলাৰ লগত বাৰ্তালাপো কৰিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...