গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ছাফাৰি ৰাজস্থানৰ ৰয়েলছৰ

চলিত ১৭ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ অন্তিম দুখন লীগৰ খেলত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছৰ এটা ১৩ জনীয়া দলে আজি কাজিৰঙা ভ্ৰমণ কৰে৷ ইফালে, দলটোৰ আন কিছু সদস্যই গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ছাফাৰিত লুইতৰ মনোৰম পৰিৱেশ আৰু সৌন্দয্য উপভোগ কৰে৷ অসমৰ প্ৰাকৃতিক পৰিৱেশৰ লগত দলটোৰ দেশী-বিদেশী খেলুৱৈ তথা বিষয়াসকলক চিনাকি কৰি দিয়াৰ উদ্যেশে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা এই ব্যৱস্থা কৰা হয়৷

আজি পুৱা ৰয়েলছৰ এটা ১৩ জনীয়া দল প্ৰথমে ৰাওনা হয় নগাঁৱৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত মিছা প’লো ক্লাবলৈ৷ উল্লেখ্য যে ‘ৰয়েল ডিফেণ্ডাৰ ৰিভাৰ এণ্ড ৰোড জাৰ্নিজ’ৰ ছখন ৰেঞ্জ ৰভাৰ ডিফেণ্ডাৰ বাহনত উঠি তথা নিজে চলাই দলটোৱে বিলাসীতা আৰু দুঃসাহসিক যাত্ৰাৰ আমেজ লয়৷ উল্লেখ্য যে এই অত্যাধুনিক বাহনত গাড়ী চলোৱাৰ ৰোমাঞ্চ বিচৰাসকলৰ বাবে স্ব-ড্ৰাইভিং বিকল্প উপলব্ধ৷ প্ৰযুক্তিগতভাৱে উন্নত লেণ্ড ৰভাৰ ডিফেণ্ডাৰ চলোৱাৰ অভিজ্ঞতা লাভ কৰাৰ অনন্য সুযোগ লাভ কৰে অতিথিসকলে৷ যাৰ ফলত সদস্যসকলে অসমৰ বৈচিত্ৰময় পৰিৱেশৰ মাজেৰে এক অনন্য অভিজ্ঞতা লাভ কৰে৷ মিছা প’লো ক্লাবত গল্‌ফ , টেবুল টেনিছ খেলাৰ লগতে পুৱাৰ আহাৰ গ্ৰহণ কৰে৷

তাৰপৰা দলটো ৰাওনা হয় কাজিৰঙালৈ৷ বাগৰি ৰেঞ্জত ৰয়েলছৰ ১৩ জনীয়া দলটোক বিশেষ ব্যৱস্থাৰে কাজিৰঙাৰ জীৱ-জন্তু আৰু পাকৃতিক পৰিৱেশ উপভোগ কৰাৰ সু-ব্যৱস্থা কৰা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চেণ্ট্ৰেল ৰেঞ্জত এক ৰোমাঞ্চকৰ জীপ ছাফাৰীৰ জডিয়তে ৰয়েলছ পৰিয়ালে অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্যক ওচৰৰ পৰাই প্ৰয্যবেক্ষন কৰাৰ সুযোগ লাভ কৰে৷ স্বাভাৱিকতে ৰোমাঞ্জকৰ আছিল এই যাত্ৰা৷

কাজিৰঙাৰ পৰা ওলাই দলটো ৰাওনা হয় তেজপুৰৰ বালিপাৰাত থকা অত্যাধুনিক তথা মনোৰম প্ৰাকৃতিক পৰিৱেশত অৱস্থিত ৰিজ’ৰ্ট ৱাইল্ড মাছিৰলৈ৷ উল্লেখ্য যে অসমৰ ৰসাল সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত ৱাইল্ড মাছিৰ অতুলনীয় বিলাসীতাই দেশী-বিদেশী লোকক স্মৰণীয় অভিজ্ঞতা দিয়ে৷ ঐতিহ্যমণ্ডিত এই বাংলোত অতিথিসকলে পূব হিমালয়ৰ যাদুক পৰম আৰাম আৰু শৈলীৰে অনুভৱ কৰাৰ সুযোগ লাভ কৰে৷ ৱাইল্ড মাছিৰত উপস্থিত হোৱাৰ লগে লগে অতিথিসকলক অসম তথা উত্তৰ-পূৱৰ লোক সাংস্কৃতিৰ পৰিচয়ো স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰে দিয়া হয়৷ নিশা ৱাইল্ড মাছিৰতে দলটো থাকিব৷ কাইলৈ দলটো পুনৰ কাজিৰঙা হৈ মিছা প’লো ক্লাবত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰি গুৱাহাটী পাব৷

ইফালে, আজি নিশা গুৱাহাটীৰ উজান বজাৰ ঘাটত ৰাজস্থান ৰয়েলছ দলৰ ক্ৰিকেটাৰসকলে ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ছাফাৰিত লুইতৰ মনোৰম পৰিৱেশ আৰু সৌন্দয্য উপভোগ কৰে৷ কাইলৈ দলটোৰ কিছু সদস্যই পবিতৰা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিবলৈ আহিছে৷ যোৱানিশা এ চি এ ষ্টেডিয়ামত ৰয়েলছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে পৰাস্ত হয়৷ অহা ১৯ মে’ত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ ইতিমধ্যে দলৰ প্লে-অফলৈ যোগ্যতা নিশ্চিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...