ৰিয়ানৰ জন্মভূমিত ৰয়েলছৰ ৰাজকীয় পদাৰ্পণ

চলিত আই পি এলৰ দুখনকৈ লীগ মেচত অংশ লোৱাৰ বাবে আজি আবেলি গুৱাহাটীত উপস্থিত হৈছে ৰাজস্থান ৰয়েলছ দল৷ গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিব৷ সঞ্জু ছেমছনে নেতৃত্ব দিয়া ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

সম্প্ৰতি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা ৰয়েলছৰ বাবে গুৱাহাটীত খেলিব লগা দূয়োখন মেচেই গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে৷ অৱশ্যে দলটোৰ প্লে-অফত স্থান প্ৰায় নিশ্চিত হৈছে৷ উল্লেখ্য যে ক্ৰমাগত তিনিখনকৈ মেচত পৰাস্ত হৈ গুৱাহাটীলৈ অহা ৰয়েলছৰ এতিয়াও পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ সুযোগ আছে৷ গুৱাহাটীত যদি দলটোৱে উভয় মেচতে জয়লাভ কৰে তেন্তে শীৰ্ষস্থান অৰ্জন কৰিব পাৰিব৷

নতুন আশা লৈয়ে গুৱাহাটীলৈ অহা বুলি ব্যক্ত কৰিছে ৰাজস্থান ৰয়েলছৰ সঞ্চালক তথা মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কালি ৰয়েলছ ঘৰুৱা দল চি এছ কেৰ বিৰুদ্ধে পাঁচ উইকেটত পৰাজয়ৰ সন্মুখীন হয়৷ মেচ পৰাজয়ৰ কাৰণ বেটিং ব্যৰ্থতা বুলি ব্যক্ত কৰে ছাংগাকাৰাই৷ ‘আমি ৩০ ৰাণ কমকৈ কৰাৰ বাবেই আন এক পৰাজয়ৰ সন্মুখীন হলো৷ উইকেট লেহেমীয়া আছিল তথা প্ৰথমে বেটিং কৰাৰ বাবে গৰমে প্ৰভাৱ পেলাইছিল৷ আমি বেটিং কৰাৰ সময়ত ধাৰাবাহিকৰূপত বল ৰাণ নকৰাকৈ এৰি দিয়াত ইনিংছটো দৃঢ়তাৰে গঢ় দিয়াত বিফল হ’লো৷ বিপৰীতে বিপক্ষই উৎকৃষ্ট বলিং কৰিছিল৷’ ছাংগাকাৰাই কয়৷

উল্লেখযোগ্য যে প্ৰথম নখন মেচৰ আঠখনতে জয়লাভ কৰি ১৬ পইণ্ট লাভ কৰা ৰাজস্থান ৰয়েলছে ইয়াৰপূৰ্বে হায়দৰাবাদ আৰু দিল্লীৰ বিৰুদ্ধেও পৰাজয়ৰ সন্মুখীন হৈছিল৷ তিনিখন মেচৰ ব্যৰ্থতা সম্পৰ্কত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়কজনে কয় ‘ছানৰাইজাৰ্ছ আৰু কেপিটেলছৰ বিৰুদ্ধে আমি দৃঢ় স্থিতিত থাকিও পৰাস্ত হৈছিলো৷ টি-২০ ক্ৰিকেট এনেকুৱাই৷ আমি গুৱাহাটীত সফল প্ৰত্যাৱৰ্তন কৰিব পাৰিব বুলি আশাবাদী৷ কাৰণ আমি ঘৰত খেলিম গুৱাহাটীৰ অনুৰাগীৰ বিশ্বাস আৰু সমৰ্থনত৷’

ইফালে, অসমলৈ ৰয়েলছৰ ৰাজকীয় প্ৰত্যাৱৰ্তন তথা অসম সন্তান ৰিয়ান পৰাগৰ চমকপ্ৰদ প্ৰদৰ্শনে গুৱাহাটীৰ উভয় আই পি এল মেচক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ ইতিমধ্যে ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা আৰু উন্মাদনা বৃদ্ধি পাইছে৷ আজি বিমান বন্দৰত অসংখ্য অনুৰাগীয়ে ৰয়েলছ দলক আদৰণি জনায়৷ বৰঝাৰৰ পৰা দলটো পোনে পোনে টেপেছিয়াৰ ‘মে ফেয়াৰ’ হোটেললৈ যায়৷ কাইলৈ ৰাজস্থানে এ চি এ ষ্টেডিয়ামত অনুশীলন কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...