বস্তুৰ দাম বাঢ়িলে ভাল নাপায় ৰাজেন গোহাঁইয়ে!

প্ৰাক্তন সাংসদ তথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ ৰাজেন গোহাঁইয়ে সমগ্ৰ দেশতে দেখা দিয়া মূল্যবৃদ্ধি প্ৰসংগত কেতবোৰ মন্তব্য প্ৰকাশ কৰে। গোহাঁইয়ে কয় যে- মূল্যবৃদ্ধি ভালবস্তু নহয়, কোনেও ভাল নাপায়। মূল্যবৃদ্ধি এটা গতানুগতিক আৰু স্বাভাৱিক প্ৰক্ৰিয়া। অৰ্থনৈতিক কিছু বিষয়ৰ ওপৰত ভিত্তি কৰি কেতিয়াবা মূল্যবৃদ্ধি হয় আৰু কেতিয়াবা কমে। মানুহৰ চাহিদা অনুসৰি যেতিয়া যিকোনো বস্তুৰ যোগান কমি যায় তেতিয়াই মূল্যবৃদ্ধিয়ে গা কৰি উঠে। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত ভাল পদক্ষেপ ল’ব বুলি আশা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে, কৃষি বিভাগ আৰু চৰকাৰৰ কেতবোৰ ভূল-ত্ৰুটীৰ বাবেই কৃষক সকল কেতিয়াবা সমস্যাৰ সন্মুখীন হ’ব লগা হয় বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে। মঙলবাৰে জাগীৰোডৰ জাগীভকত গাঁৱত এখন কৃষক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...