চাকৰিৰ জুই, গণৰাজ্য দিৱসৰ দিনাই নিবনুৱাৰ উত্তাল প্ৰতিবাদ

আৰআৰবি-এনটিপিচিৰ ফলাফলত ৰিগিঙৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। উত্তৰ প্ৰদেশ-বিহাৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ লয়। ক্ষুব্ধ শিক্ষাৰ্থীসকলে গয়া জংচনত ৰেলত জুই লগাই দিয়ে। অগ্নি সংযোগৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হয়। জাহানাবাদ, সমষ্টিপুৰ, ৰোহতাছকে ধৰি বহুতো অঞ্চলত ছাত্ৰ-ছাত্ৰীয়ে ৰে’লপথত নামি শ্ল’গান দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহু ঠাইত আবদ্ধ হৈ পৰিছিল ৰেল। ছাত্ৰ-ছাত্ৰীসকলৰ হিংসাত্মক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিষয়টোৰ ওপৰত পৰ্যবেক্ষণ কৰিব।
উল্লেখ্য যে, প্ৰায় ১.২৬ কোটি শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিছিল। এনটিপিচিৰ ফলাফলক লৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ৰে’লৱে বোৰ্ডে অৱশেষত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল মন্ত্ৰণালয়ে এনটিপিচি আৰু লেভেল ৱান পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ৰে’ল মন্ত্ৰণালয়ে বিষয়টোৰ ওপৰত সিদ্ধান্ত গ্ৰহণৰ বাবে এখন সমিতি গঠন কৰিছে। সমিতিখনে পৰীক্ষাত উত্তীৰ্ণ আৰু অনুতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰতিবেদন ৰে’ল মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰিব। ইয়াৰ পিছত ৰে’ল মন্ত্ৰণালয়ে পৰৱৰ্তী সিদ্ধান্ত ল’ব।
এডিজি নিৰ্মল কুমাৰ আজাদে সদৰি কৰা অনুসৰি ৰে’ল আৰক্ষী, আৰপিএফৰ লগতে জিলা আৰক্ষীৰ এটা দলে নিৰীক্ষণ কৰিছে পৰিস্থিতি। গয়াৰ এছএছপিও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। ৰে’লৱেত আইন-শৃংখলাৰ সমস্যা আছে। ইয়াক দূৰ কৰিবলৈ ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা চলি আছে। লগতে সকলো ৰে’লৱেৰ জিলা আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে। কিয়নো শিক্ষাৰ্থীসকলে যিকোনো ঠাইতে ৰে’লপথত উপস্থিত হৈ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰিব পাৰে।
জাহানাবাদত শিক্ষাৰ্থীসকলে একেৰাহে ৫ ঘণ্টা ধৰি ৰে’লপথত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদস্থলী, প্ৰধানমন্ত্ৰী আৰু ৰে’লমন্ত্ৰীৰ পুত্তলিকা ৰে’লপথত দাহ কৰে। শিক্ষাৰ্থীসকলে কয় যে আমাৰ দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব। বুধবাৰে পুৱা জাহানাবাদ ৰে’ল ষ্টেচনৰ ওচৰৰ গয়া-পাটনা শাখাত বৃহৎসংখ্যক শিক্ষাৰ্থীয়ে ৰে’লৰ চলাচল ব্যাহত কৰে। শিক্ষাৰ্থীসকলে ৰেলপথত বহি প্ৰতিবাদ কৰি থকাত ৰেলৱে ট্ৰেকটো স্থবিৰ হৈ পৰে। ৰে’ল ষ্টেচনত আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীসকলক বুজাবলৈ প্ৰয়াস কৰে যদিও শিক্ষাৰ্থীসকলে নিজৰ দাবী পূৰণ কৰিবলৈ আহ্বান জনাইছে।
ইফালে সমষ্টিপুৰতো ৰে’লপথত প্ৰতিবাদ সাব্যস্ত কৰাত বৈশালী চুপাৰফাষ্ট, টাটা ছপ্ৰা, গোৱালিয়ৰ-বাৰাউনি ৰেল কেইখন বাচৱাৰা আৰু অন্যান্য স্থানত আবদ্ধ হৈ পৰে। বিষয়া আৰু নিৰাপত্তাকৰ্মীসকলে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলক সৈমান কৰিবলৈ চেষ্টা কৰে যদিও নিজৰ দাবীত অটল প্ৰতিবাদকাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...