ৰাহুল গান্ধীৰ টুইটাৰ একাউন্টটো হঠাৎ বন্ধ হৈ গৈছিল কিয়?

কিছু সময়ৰ পূৰ্বে কংগ্ৰেছ দলে সদৰী কৰিছিল যে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্টটো সাময়িকভাৱে স্থগিত কৰা হৈছে। অৱশ্যে, জনপ্ৰিয় মাইক্ৰ’ ব্লগিং ছাইটটোৰ দ্বাৰা এই কথা অস্বীকাৰ কৰাৰ পিছত, দলটোৱে কৈছে যে একাউণ্টটো অস্থায়ীভাৱে লকহে কৰা হৈছে। কংগ্ৰেছে টুইটাৰৰ বিৰুদ্ধে এই অভিযোগটো এনে এটা সময়ত লৈ আহিছে যেতিয়া টুইটাৰে এদিন পূৰ্বে ৰাহুলৰ দ্বাৰা পোষ্ট কৰা এখন ছবি আঁতৰাই দিছিল য’ত এগৰাকী ধৰ্ষিতাৰ পৰিচয় প্ৰকাশ হৈছিল।

কংগ্ৰেছ দলে এক টুইটযোগে লিখিছিল, “ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্ট অস্থায়ীভাৱে স্থগিত কৰা হৈছে আৰু ইয়াক পুনৰুদ্ধাৰ কৰাৰ প্ৰক্ৰিয়াটো অনুসৰণ কৰা হৈছে। তেতিয়ালৈকে তেওঁ আন সামাজিক মাধ্যমৰ মাধ্যমৰ জৰিয়তে আপোনাৰ সৈতে জড়িত হৈ থাকিব আৰু জনসাধাৰণৰ হৈ মাত মাতি থাকিব আৰু তেওঁলোকৰ বাবে যুঁজ দি থাকিব।”

প্ৰকৃততে কি হৈছিল ঘটনাটো?

দিল্লীত ধৰ্ষণৰ অভিযোগত মৃত্যু হোৱা এগৰাকী ৯ বছৰীয়া দলিত কিশোৰীৰ পৰিয়ালক সাক্ষাৎ কৰা এখন ফটোত দেখা গৈছিল ৰাহুল গান্ধীক। যিখন ফটোত ধৰ্ষিতাৰ সম্পূৰ্ণ পৰিচয় পোহৰলৈ আহিছিল। যিটো টুইটাৰৰ নীতি বিৰুদ্ধ বিষয় হিচাপে বিবেচিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...