ৰাহুল গান্ধীৰ টুইটাৰ একাউন্টটো হঠাৎ বন্ধ হৈ গৈছিল কিয়?

কিছু সময়ৰ পূৰ্বে কংগ্ৰেছ দলে সদৰী কৰিছিল যে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্টটো সাময়িকভাৱে স্থগিত কৰা হৈছে। অৱশ্যে, জনপ্ৰিয় মাইক্ৰ’ ব্লগিং ছাইটটোৰ দ্বাৰা এই কথা অস্বীকাৰ কৰাৰ পিছত, দলটোৱে কৈছে যে একাউণ্টটো অস্থায়ীভাৱে লকহে কৰা হৈছে। কংগ্ৰেছে টুইটাৰৰ বিৰুদ্ধে এই অভিযোগটো এনে এটা সময়ত লৈ আহিছে যেতিয়া টুইটাৰে এদিন পূৰ্বে ৰাহুলৰ দ্বাৰা পোষ্ট কৰা এখন ছবি আঁতৰাই দিছিল য’ত এগৰাকী ধৰ্ষিতাৰ পৰিচয় প্ৰকাশ হৈছিল।

কংগ্ৰেছ দলে এক টুইটযোগে লিখিছিল, “ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্ট অস্থায়ীভাৱে স্থগিত কৰা হৈছে আৰু ইয়াক পুনৰুদ্ধাৰ কৰাৰ প্ৰক্ৰিয়াটো অনুসৰণ কৰা হৈছে। তেতিয়ালৈকে তেওঁ আন সামাজিক মাধ্যমৰ মাধ্যমৰ জৰিয়তে আপোনাৰ সৈতে জড়িত হৈ থাকিব আৰু জনসাধাৰণৰ হৈ মাত মাতি থাকিব আৰু তেওঁলোকৰ বাবে যুঁজ দি থাকিব।”

প্ৰকৃততে কি হৈছিল ঘটনাটো?

দিল্লীত ধৰ্ষণৰ অভিযোগত মৃত্যু হোৱা এগৰাকী ৯ বছৰীয়া দলিত কিশোৰীৰ পৰিয়ালক সাক্ষাৎ কৰা এখন ফটোত দেখা গৈছিল ৰাহুল গান্ধীক। যিখন ফটোত ধৰ্ষিতাৰ সম্পূৰ্ণ পৰিচয় পোহৰলৈ আহিছিল। যিটো টুইটাৰৰ নীতি বিৰুদ্ধ বিষয় হিচাপে বিবেচিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...