ৱাইনাড়ত বিপদত পৰিব নেকি ৰাহুল গান্ধী?

ৱাইনাড়ত বিপদত পৰিব নেকি ৰাহুল গান্ধী?

‘ইণ্ডিয়া’ৰ অংশীদাৰ হৈয়ো মুখ্যমন্ত্ৰী বিজয়নে আক্ৰমণ কৰিছে ৰাহুলক

বিজয়নে বিজেপিক সহায় কৰাৰ অভিয়োগ প্ৰিয়ংকা গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে কেৰালাৰ ৱাইনাড় সুৰক্ষিত সমষ্টি হৈ থকা নাই নেকি? ২০১৯ত অমেথিত পৰাস্ত হৈয়ো ৱাইনাড়ৰ পৰা সংসদলৈ গৈছিল ৰাহুল। কিন্তু এই প্ৰেক্ষাপট সলনি হোৱা বুলি চৰ্চা গৈছে। ইফালে বিৰোধী মহাজোঁট ‘ইণ্ডিয়া’ৰ অংশীদাৰ হৈয়ো ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে। মুখ্যমন্ত্ৰীজনে আক্ৰমণৰ লক্ষ্য কৰি লয় গান্ধী পৰিয়ালকো। বিজয়নৰ অভিযোগ-

হাৰিয়ানাত ৰবাৰ্ট বদ্ৰা আৰু DLFৰ বিৰুদ্ধে ভূমি কেলেংকাৰিৰ অভিযোগ উঠিছিল

বিজেপিক নিৰ্বাচনী ব’ণ্ড দিয়াৰ পিছত DLFক ক্লীনশ্বীট দিয়া হ’ল

বিজয়নৰ এই অভিযোগে স্পষ্টভাৱে ইণ্ডিয়াত সংঘাতৰ ইংগিত দিছে। কেৰালাৰ ৱাইনাড়ত ৰাহুল গান্ধীৰ প্ৰাৰ্থিত্ব বিৰোধিতাও স্পষ্ট হৈছে। ইফালে ৱাইনাড়ত চিপি আই এ প্ৰাৰ্থিত্ব দিছে জ্যেষ্ঠ নেত্ৰী এনী ৰাজাক। এনী ৰাজায়ো ৰাহুল গান্ধীয়ে ৱাইনাড়ত প্ৰতিদ্বন্দ্বিতা কৰা কাৰ্যক সমালোচনা কৰিছে। এনে অৱস্থাত ৱাইনাড়ত ইণ্ডিয়াৰ মাজতেই যুঁজ আৰম্ভ হৈছে। ৱাইনাড়ৰ পৰা ২য় বাৰৰ বাবে সাংসদ হোৱাৰ ৰাহুল গান্ধীৰ সপোন সফল নোহোৱাৰো আশংকা প্ৰকট হৈছে। এনে অৱস্থাত ৰাহুল গান্ধীৰ কাষত থিয় হৈছে ভগ্নী প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নক  আক্ৰমণ কৰি অভিযোগ কৰিছে।

বিজেপিৰ সৈতে বুজাবুজি কৰিছে বিজয়নে?

বিজেপিয়ে বুজাবুজি কৰাৰ বাবে ৰাহুলক আক্ৰমণ কৰিছে বিজয়নে

বিজয়নে বিজেপিক আক্ৰমণ নকৰাৰো অভিযোগ প্ৰিয়ংকা গান্ধীৰ

ৱাইনাড়ৰ নিৰ্বাচনী সভাত প্ৰিয়ংকা গান্ধীয়ে বাওপন্থীৰ নেতা মুখ্যমন্ত্ৰী বিজয়নে কেৱল কংগ্ৰেছক হে আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। বিজয়নৰ বিৰুদ্ধে বিভিন্ন আৰ্থিক কেলেংকাৰিৰো অভিযোগ কৰে প্ৰিয়ংকাই। প্ৰিয়ংকাৰ প্ৰশ্ন-

বিজয়নে কিয় ED, CBIৰ দৰে কেন্দ্ৰীয় সংস্থাৰ বিৰুদ্ধে মাত মতা নাই?

বিজেপিয়ে কিয় বিজনয়ৰ বিৰুদ্ধে ED, CBIক ব্যৱহাৰ কৰা নাই?

কেৰালাৰ শাসকীয় CPM আৰু বিজেপিয়ে একেলগে আক্ৰমণ কৰিছে ৰাহুল গান্ধীক। প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ৰাহুল গান্ধীয়ে ২৬ এপ্ৰিলত ভোটগ্ৰহণৰ পিছতে ৱাইনাড় এৰিব বুলি ম্ন্তব্য কৰিছে। ৱাইনাড় এৰি ৰাহুলে আন কোনো সুৰক্ষিত সমষ্টি বিচাৰিব বুলি প্ৰধানমন্ত্ৰীৰ অভিযোগ।

ইফালে, নিৰ্বাচনী সভাত বিজয়নে জৰুৰী অৱস্থাৰ প্ৰসংগ আনি গান্ধী পৰিয়ালক আক্ৰমণ কৰিছে। পাপ্পু, আমূল বেৰী আদি নামৰ পৰা এতিয়াও ৰাহুল গান্ধী লুপ্ত হ’ব পৰা নাই বুলি মন্তব্য বিজয়নৰ। মুঠতে ৱাইনাড়ত এইবাৰ প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাহুল গান্ধী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান...