ৰাহুল গান্ধীৰ পদযাত্ৰাক লৈ পাহাৰীয়া ৰাজ্য মিজোৰামত উন্মাদনা

অহা ৭ নৱেম্বৰত মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আগমনে উদ্বেল কৰি তুলিলে ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশ। পদযাত্ৰাত মিজো মহিলাৰ অংশগ্রহণ আছিল উল্লেখনীয়। পদযাত্ৰাৰ শেষত এখন সভাকো সম্বোধন কৰে ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীৰ পদযাত্ৰাক লৈ পাহাৰীয়া ৰাজ্য মিজোৰামত উন্মাদনা
দুদিনীয়া ভ্রমণসূচীৰে আইজলত উপস্থিত ৰাহুল গান্ধী
আগৰতলাৰ পৰা হেলিকপ্টাৰেৰে আইজল পালেগৈ কংগ্রেছৰ যুৱৰাজ

সন্মুখত মিজোৰাম বিধানসভাৰ নিৰ্বাচন। অহা ৭ নৱেম্বৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলক শক্তিশালী কৰাৰ প্রয়াসেৰে আইজলত উপস্থিত হৈছেগৈ ৰাহুল গান্ধী। সোমবাৰে পুৱা মিজোৰাম কংগ্রেছৰ উদ্যাগত
আইজলৰ চানমাৰিৰ পৰা ৰাজভৱন পৰ্যন্ত এক বিশাল পদযাত্রা
ৰাহুলৰ নেতৃত্বত এই পদযাত্ৰাত ভালেসংখ্যক লোকৰ অংশগ্রহণ

ৰাহুল গান্ধীৰ আগমনে ৰাজ্যখনত কংগ্রেছক শক্তিশালী কৰি তুলিব আৰু মিজোৰামত পৰিৱৰ্তন অনাত সফল হ’ব কংগ্রেছ। এই আশা কংগ্রেছ সমৰ্থকসকলৰ।
ৰাহুল গান্ধীৰ আগমনৰ পাছত মিজোৰামত কংগ্রেছে চৰকাৰ গঠন কৰিব পাৰে বুলিও আশা ব্যক্ত কৰিছে দলৰ সমৰ্থকসকলে। ইতিমধ্যে ৰাহুল গান্ধীৰ সৈতে কংগ্রেছৰ প্রচাৰত যোগ দিছে দলৰ পৰ্যবেক্ষক ভক্তচৰণ দাসে।
পৰ্যবেক্ষক ভক্তচৰণৰ মতে– কমেও ২৫ আসনত জয়ী হ’ব কংগ্রেছ
ইফালে ৰাহুল গান্ধীৰ এই পদযাত্রাৰ মিজোৰাম নিৰ্বাচনত কোনো প্রভাৱ নপৰে। মন্তব্য মিজোৰামৰ মুখ্যমন্ত্ৰী তথা মিজো নেশ্যনেল ফ্রণ্টৰ অধ্যক্ষ জোৰাম থাংগাই। নিৰ্বাচনমুখী মিজোৰামত ৰাহুল গান্ধীৰ পদযাত্ৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি চিহ্নিত হৈছে। মিজোৰাম কংগ্রেছক ৰাহুলৰ পদযাত্ৰাই উদ্বুদ্ধ কৰিব বুলি আশা প্রকাশ কৰিছে কংগ্রেছ সমৰ্থকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...