ঢেকিয়াজুলিত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহলে আজি ঢেকিয়াজুলি চহৰত আয়োজিত “মোৰ মাটি মোৰ দেশ” অভিযানৰ অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত ঢেকিয়াজুলি সমষ্টিৰ সকলো গাঁও পঞ্চায়ত আৰু ঢেকিয়াজুলি পৌৰসভাৰ এলেকাৰ পৰা সংগৃহীত মাটি সমদল কৰি শ্বহীদ ময়দানলৈ লৈ অনা হয়। সমদলৰ অন্তত শ্বহীদ ময়দানত আয়োজিত এক অনুষ্ঠানত এই সকলো কলহৰ মাটি সংমিশ্ৰণ কৰা হয়। এই মাটি প্ৰথম পৰ্যায়ত গুৱাহাটীলৈ আৰু পৰৱৰ্তী সময়ত নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব আৰু ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ মাটিৰ সৈতে একত্ৰিত হৈ দেশৰ বীৰ শ্বহীদসকলৰ সন্মানাৰ্থে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধৰ সমীপত নিৰ্মাণ কৰা অমৃত বাটিকাক সমৃদ্ধ কৰি তুলিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা অমৰ শ্বহীদসকলৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ মানসেৰে দেশৰ দূৰদৰ্শী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচী আৰম্ভ কৰিছিল। শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ৰাইজে এই কাৰ্যসূচীলৈ আগবঢ়োৱা স্বতঃস্ফূৰ্ত সঁহাৰিৰ বাবে তেওঁ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। এই কাৰ্যসূচীয়ে আমাক নিজৰ চহকী ঐতিহ্য, ইতিহাস আৰু পৰম্পৰাক লৈ গৌৰৱ কৰাৰ সুযোগ প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। নিজৰ ভাষণত তেওঁ মোৰ মাটি মোৰ দেশ কাৰ্যসূচীত গ্ৰহণ কৰা পঞ্চ সংকল্পৰ কথা উল্লেখ কৰে। আত্মবিশ্বাস থাকিলেহে আত্মনিৰ্ভৰশীল হ’ব পাৰিম বুলি মন্তব্য কৰি তেওঁ কয় যে আজিৰ ভাৰতে বিশ্বক আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বগুৰু হ’বলৈ আগবঢ়া আমাৰ দেশে অহা ২৫ বছৰৰ ভিতৰত সকলো দিশতে বিশ্বক মাৰ্গ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...