ঢেকিয়াজুলিত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহলে আজি ঢেকিয়াজুলি চহৰত আয়োজিত “মোৰ মাটি মোৰ দেশ” অভিযানৰ অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত ঢেকিয়াজুলি সমষ্টিৰ সকলো গাঁও পঞ্চায়ত আৰু ঢেকিয়াজুলি পৌৰসভাৰ এলেকাৰ পৰা সংগৃহীত মাটি সমদল কৰি শ্বহীদ ময়দানলৈ লৈ অনা হয়। সমদলৰ অন্তত শ্বহীদ ময়দানত আয়োজিত এক অনুষ্ঠানত এই সকলো কলহৰ মাটি সংমিশ্ৰণ কৰা হয়। এই মাটি প্ৰথম পৰ্যায়ত গুৱাহাটীলৈ আৰু পৰৱৰ্তী সময়ত নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব আৰু ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ মাটিৰ সৈতে একত্ৰিত হৈ দেশৰ বীৰ শ্বহীদসকলৰ সন্মানাৰ্থে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধৰ সমীপত নিৰ্মাণ কৰা অমৃত বাটিকাক সমৃদ্ধ কৰি তুলিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা অমৰ শ্বহীদসকলৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ মানসেৰে দেশৰ দূৰদৰ্শী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচী আৰম্ভ কৰিছিল। শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ৰাইজে এই কাৰ্যসূচীলৈ আগবঢ়োৱা স্বতঃস্ফূৰ্ত সঁহাৰিৰ বাবে তেওঁ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। এই কাৰ্যসূচীয়ে আমাক নিজৰ চহকী ঐতিহ্য, ইতিহাস আৰু পৰম্পৰাক লৈ গৌৰৱ কৰাৰ সুযোগ প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। নিজৰ ভাষণত তেওঁ মোৰ মাটি মোৰ দেশ কাৰ্যসূচীত গ্ৰহণ কৰা পঞ্চ সংকল্পৰ কথা উল্লেখ কৰে। আত্মবিশ্বাস থাকিলেহে আত্মনিৰ্ভৰশীল হ’ব পাৰিম বুলি মন্তব্য কৰি তেওঁ কয় যে আজিৰ ভাৰতে বিশ্বক আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বগুৰু হ’বলৈ আগবঢ়া আমাৰ দেশে অহা ২৫ বছৰৰ ভিতৰত সকলো দিশতে বিশ্বক মাৰ্গ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...