এই সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আৰু ইয়াৰ ইউৰোপীয় মিত্ৰসকলক এক স্পষ্ট বাৰ্তা দিছে যে, আমেৰিকা আৰু ইউৰোপৰ সমৰ্থন অবিহনে মস্কো আগবাঢ়িব পাৰে, কাৰণ তেওঁলোকৰ শক্তিশালী মিত্ৰ আছে। চীনত অনুষ্ঠিত SCO শীৰ্ষ সন্মিলন আৰু বিজয় দিৱস পেৰেডত চীনে য’ত বিশ্বৰ আগত নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল, তাত পুটিনে নিজৰ প্ৰভাৱ আৰু শক্তিশালী মিত্ৰতাক বিশ্বৰ সন্মুখত তুলি ধৰিছিল।
পশ্চিমীয়া দেশসমূহে বিগত তিনি বছৰ ধৰি ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে ৰাছিয়াক বিচ্ছিন্ন কৰাৰ চেষ্টা কৰি আহিছে। কিন্তু ৰাছিয়াই তেওঁলোকৰ চাৰি শক্তিশালী মিত্ৰৰ সহায়ত পশ্চিমীয়া নিষেধাজ্ঞাৰ মোকাবিলা কৰি আছে। এই সুবিধা কেৱল একপক্ষীয় নহয়; ৰাছিয়াৰ পৰা ইউৰোপীয় দেশসমূহৰ দূৰত্বৰ ফলত তেওঁলোকৰ মিত্ৰসকলো যথেষ্ট লাভৱান হৈছে, যিসকলে ৰাছিয়াৰ পৰা সস্তাত তেল আৰু অন্যান্য সামগ্ৰী লাভ কৰিছে।
ৰাছিয়াৰ নেতাজনে চীনত বিভিন্ন কাৰ্যসূচীত সেইসকলৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈছিল, যিসকলে তেওঁক ইউক্ৰেইনৰ বিৰুদ্ধে এতিয়ালৈকে দীঘলীয়া যুদ্ধ চলাই যোৱাত সক্ষম কৰিছে। এইসকলৰ ভিতৰত আছে চীনৰ নেতা জিনপিং, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইৰানৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেশকিয়ান আৰু উত্তৰ কোৰিয়াৰ কিম জং উন। যদিও ভাৰত আৰু চীনে এই কথা অস্বীকাৰ কৰি আহিছে যে, তেওঁলোকে যুদ্ধত ৰাছিয়াৰ সহযোগিতা কৰিছে, বহু বিশেষজ্ঞ আৰু পশ্চিমীয়া দেশসমূহে কৈছে যে, ভাৰত আৰু চীনৰ বাণিজ্যিক সম্পৰ্কই যুদ্ধত ৰাছিয়াক অৰ্থনৈতিকভাৱে সহায় কৰি আহিছে।
আনহাতে, উত্তৰ কোৰিয়াৰ শাসক কিম জঙে খোলাখুলিকৈ ৰাছিয়াৰ সমৰ্থনৰ কথা স্বীকাৰ কৰিছে। ইৰানেও এই কথা অস্বীকাৰ নকৰে যে, তেওঁলোক ৰাছিয়াৰ সামৰিক আৰু কূটনৈতিক সহযোগী।
চীনত প্ৰায় ২৬খন দেশৰ নেতা একত্ৰিত হৈছিল। কিন্তু ৪ৰ পৰা ৫খন শক্তিশালী দেশ এনেকুৱা আছিল, যাৰ একত্ৰ হোৱাৰ জৰিয়তে সমগ্ৰ পশ্চিমৰ আধিপত্যৰ বিৰুদ্ধে এক বাৰ্তা প্ৰেৰণ কৰা হৈছিল। চীনত একত্ৰিত হোৱা নেতাসকলৰ মাজত হয়তো কিছুমানে ইজনে সিজনক বেছি পছন্দো নকৰিবও পাৰে। কিন্তু তেওঁলোকে বিশ্ব মঞ্চত পশ্চিমীয়া আধিপত্য শেষ কৰাৰ এক সুবৰ্ণ সুযোগ দেখিছে। ইউৰোপে ভয় কৰিছে যে, তেওঁলোকো টাৰ্গেটত পৰিব পাৰে।
এই দেশসমূহৰ পুটিনৰ সৈতে একেলগে দেখা দিয়াটো এটা স্পষ্ট বাৰ্তা যে- ইউৰোপে নিজৰ নিৰাপত্তাৰ বিষয়ে পুনৰ বিবেচনা কৰিব লাগিব। ইউৰোপে শেহতীয়া বছৰবোৰত ৰাছিয়াক বিচ্ছিন্ন কৰা আৰু তেওঁলোকৰ অৰ্থনীতিক দুৰ্বল কৰাৰ চেষ্টা কৰিছে, লগতে এই সত্যকো মানি লৈছে যে, আমেৰিকা এতিয়া সেই মিত্ৰ নহয়, যাৰ ওচৰলৈ তেওঁলোক সদায় যাব পাৰে।
এই খেলৰ দুজন ডাঙৰ খেলুৱৈ হৈছে চীন আৰু ভাৰত। পশ্চিমীয়া দেশসমূহৰ পৰা ৰাছিয়াৰ দূৰত্বৰ পিছত এই দুখন দেশেই সৰ্বাধিক লাভৱান হৈছে। তেওঁলোকে সস্তাত তেল লাভ কৰিছে, কিন্তু বিশেষজ্ঞসকলে কয় যে এই সম্পৰ্ক কেৱল ধনৰ নহয়।
চীন আৰু ভাৰত দুয়োখন দেশ পশ্চিমৰ সৈতে প্ৰত্যক্ষ সংঘাতত নামিবলৈ সাজু নহয়, তথাপিও দুয়োখন দেশে ৰাছিয়াক পশ্চিম বিৰোধী এজেণ্ডা আগবঢ়াই নিয়া দেখি সুখী।
চীনক বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি হিচাপে গণ্য কৰা হয়। পেৰেডৰ পিছত কিছু ৰাজনৈতিক বিশেষজ্ঞই এইবুলিও কৈছে যে- সামৰিক শক্তিত চীন এতিয়া ৰাছিয়া আৰু আমেৰিকাৰ সমান স্থানত আছে। আনহাতে, ভাৰতৰো এখন বিশাল বজাৰ আছে আৰু ই বিশ্বৰ উদীয়মান অৰ্থনীতিৰ ভিতৰত অন্যতম। এই দুখন দেশে অৰ্থনৈতিক নিষেধাজ্ঞাৰ পিছতো ৰাছিয়াৰ অৰ্থনীতিক ধৰি ৰাখিছে।
ইয়াৰ উপৰিও, উত্তৰ কোৰিয়া আৰু ইৰানো ৰাছিয়াৰ শক্তিশালী মিত্ৰ। উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত নিজৰ সৈন্য ৰাছিয়ালৈ পঠিয়াইছে, আৰু বহু খবৰৰ মতে, ৰাছিয়াক মাৰাত্মক অস্ত্ৰও যোগান ধৰিছে। পশ্চিমীয়া দেশসমূহে দাবী কৰিছে যে, ইৰানে ৰাছিয়াক ড্ৰ’ন আৰু মিছাইল যোগান ধৰিছে, যি দীৰ্ঘদিনীয়া যুদ্ধত ৰাছিয়াক আগবাঢ়ি যোৱাত সহায় কৰিছে। চীনত অনুষ্ঠিত এই কাৰ্যসূচীসমূহে প্ৰমাণ কৰিছে যে, এতিয়া বিশ্ব পশ্চিমীয়া দেশসমূহৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু তেওঁলোকৰ অবিহনে দেশসমূহে উন্নয়ন কৰিব পাৰে। ইৰান, ৰাছিয়া আৰু উত্তৰ কোৰিয়া ইয়াৰ সবাতোকৈ ডাঙৰ উদাহৰণ।
