কামৰূপৰ মদনপুৰ টোলগে’টত উত্তাল প্ৰতিবাদ

ৰাস্তাৰ বাবে যমৰ যাতনা ভুগিছে ৰাইজে
টোলটেক্সৰ নামত হাৰাশাস্তি কৰিছে চৰকাৰে
ৰাস্তা ভাল নোহোৱালৈ টোলটেক্স নিদিওঁ
কামৰূপৰ মদনপুৰ টোলগে’টত উত্তাল প্ৰতিবাদ

জাউৰীয়ে জাউৰীয়ে চৰকাৰবিৰোধী শ্লোগানত উত্তাল মদনপুৰ টোলগেট। ২০১৪ৰ পাছতহে প্ৰথম টোলগে’ট মুকলি হৈছিল অসমত। তাৰ পাছৰে পৰা ইখনৰ পাছত সিখন টোলগেট নিৰ্মাণ হৈছে অসমত। কেইদিনমানৰ মূৰে মূৰে বৃদ্ধি কৰা হয় টোলকৰ। ধন দি দি ভাগৰি পৰিছে যাত্ৰী-জনতা। কিন্তু তাৰ বিপৰীতে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কেনেকুৱা? নেতা-মন্ত্ৰীয়ে আমেৰিকাৰ দৰে কৰি পেলাম বুলি কোৱা অসমৰ ৰাস্তাৰ অৱস্থা সকলোৱে জানে। উজনিলৈ গলে পেট-কঁকালৰ বিষত ভূগিব আপুনি। মৰমৰ গাড়ীখন গেৰেজত সোমোৱাটো খাটাং। পথত গাঁত। গাঁতত পানী। চৌদিশে এতিয়া একেই অৱস্থা। নিয়ম অনুসৰি টোলগেটৰ পৰা সংগ্ৰহ কৰা ধন সেই ৰাষ্ট্ৰীয় ঘাইপথৰে মেৰামতি, সা-সুবিধা প্ৰদানৰ বাবে ব্যয় কৰিব লাগে।

দুৰ্ঘটনা সংঘটিত হ’লে পাব লাগে ক্ৰেনৰ সুবিধা
টায়াৰ পাংচাৰ হ’লে পাব লাগে সহায়
জৰুৰীকালিন সেৱা পাব লাগে
পাব লাগে চিকিৎসাজনিত সুবিধাও
ৰাস্তাৰ কাষত থাকিব লাগে প্ৰস্ৰাৱগাৰ

সেইবোৰ অসমত আপুনি ভাবিবই নোৱাৰে। কিন্তু টোলটেক্স লোৱাৰ ক্ষেত্ৰত কৃপণালি নাই। সেয়ে মদনপুৰ টোলগেটত উত্তাল প্ৰতিবাদ। যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ আনমৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী। আৰক্ষীয়ে বহু প্ৰতিবাদকাৰীক এনেকৈয়ে টনা-আজোৰা কৰিলে। কিন্তু এওঁলোকৰ স্পষ্ট কথা। ৰাস্তা ভাল নোহোৱালৈ টোলটেক্স নিদিওঁ। আন্দোলন হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...