মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক লৈ প্ৰতিবাদ ৰাইজৰ। ১৯৫৬ চনতেই স্থাপন কৰা হৈছিল ঐতিহাসিক ৰাণী ব্লক। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাণী ব্লকৰ সৰহসংখ্যক লোক অন্তৰ্ভুক্ত হয় পলাশবাৰী সমষ্টিত। ইয়াৰ পাছতেই ৰাণী ব্লক উঠাই নিয়া যো জা চলাইছে চৰকাৰে। ৰাণী ব্লক উঠাই নি পলাশবাৰীৰ ঝাৰোবৰীত স্থাপন কৰাৰ লক্ষ্য প্ৰশাসনৰ। যাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব ৰাণীৰ অঞ্চলৰ লগতে পাহাৰীয়া লোকসকল। সেইবাবেই ওলাই আহিল ৰাণীত শতাধিক লোক। এতিয়াJ দৰে আগলৈও ৰাণী ব্লকতে কাম চলি থকাৰ দাবী প্ৰতিবাদকাৰীৰ।

ৰাণী ব্লক স্থানান্তৰ সিদ্ধান্তৰ বিৰুদ্ধে ভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে লোকসকলে। আজিও শতাধিক পুৰুষ-মহিলা ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাণী ব্লকৰ অধীনৰ মেঘালয় সীমান্তৰ লোকসকলৰ হুংকাৰ, যদিহে চৰকাৰে এই কাৰ্যালয় উঠাই নিয়ে তেন্তে তেওঁলোক চামিল হব মেঘালয়ৰ লগত।

All Assam tribal sangha, ৰাণী পাহাৰীয়া জনজাতীয় ৰাইজ, ৰূপকোঁৱৰ কলা পৰিষদৰ পুৰুষ মহিলাই উলিয়াই এক প্ৰতিবাদী সমদল। ৰাণীৰ উন্নয়ন খণ্ডত উন্নয়ন বিষয়াৰ জড়িয়তে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰও। ইয়াৰ পাছত জিলা প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...