বিশিষ্ট কবি, সাহিত্যিক তথা সাংবাদিক নগেন কোঞৰৰ স্বাস্থ্যৰ অৱনতি, গুৱাহাটীলৈ প্ৰেৰণ

বিশিষ্ট কবি, সাহিত্যিক তথা সাংবাদিক নগেন কোঞৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। দীৰ্ঘদিন ধৰি হৃদৰোগ আৰু বৃক্কৰোগত আক্ৰান্ত এই সাহিত্যিকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

২০১২ চনৰ পৰা তেওঁ নতুন দিল্লীৰ গংগাৰাম হাস্পতাল, গুৱাহাটীৰ ডাউন টাউন হাস্পতাল আৰু iUKDত সাতটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। নগেন কোঞৰ অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত এক সুপৰিচিত নাম। তেওঁৰ কাব্যৰচনা আৰু সাহিত্যকৰ্মই অসমীয়া সাহিত্য জগতত এক বিশেষ স্থান দখল কৰিছে। তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ খবৰটি সাহিত্যপ্ৰেমী আৰু সাংবাদিক সমাজৰ মাজত উদ্বেগৰ কাৰণ হৈ পৰিছে। তেওঁৰ সুস্থতাৰ বাবে বিভিন্ন মহলৰ পৰা প্ৰাৰ্থনা আৰু শুভকামনা প্ৰকাশ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...