সদিচ্ছা সংগঠনক ‘লিঅ’ এক্সপ’ সমাজসেবা সন্মান’ প্ৰদান, বিশিষ্ট সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীকো বিশেষ সম্বৰ্দ্ধনা

অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ক দেওবাৰে এক অনুষ্ঠানত ২০২৩ বৰ্ষৰ লিঅ’ এক্সপ’ ‘সমাজ সেৱা সন্মান’প্ৰদান কৰা হয়।

মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত লিঅ’ এক্সপ’ থলীত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয় বঁটাটি।

এই বঁটা প্ৰদান কৰি মুখ্য অতিথি অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্য হাজৰিকাই বাণিজ্য বিষয়ক এখন বিশ্ব কোষ প্ৰস্তুত কৰাৰ বাবে অসম সাহিত্য সভাই লোৱা উদ্যোগৰ বিষয়ে সদৰি কৰে।

অনুষ্ঠানত ২২’ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট গল্পকাৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীক জনোৱা হয় বিশেষ সম্বৰ্ধনা। ভাষণ প্ৰসংগত গোস্বামীয়ে নীৰৱে সমাজ সেৱা কৰি থকা ব্যক্তি তথা সংগঠনক বঁটা প্ৰদানৰ বাবে লিঅ’ এক্সপ’ গ্ৰহণ কৰা উদ্যোগৰ শলাগ লয়।

এই বাণিজ্য মেলাখনিয়ে ২০০৫ চনৰ পৰাই সাংবাদিকতা আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়াই অহা ব্যক্তিক প্ৰদান কৰি আহিছে বিশেষ সন্মান। এইবাৰৰ এই বঁটাটি লিঅ’ এক্সপ’ৰ তৰফৰ পৰা সদিচ্ছা সংগঠনটিলৈ আগবঢ়ায় NKTVৰ আৰু আমাৰ অসমৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, সাহিত্য সভাৰ সভাপতি সূৰ্য্য হাজৰিকা আৰু NKTVৰ কনচালটিং এডিটৰ প্ৰণয় বৰদলৈয়ে। এই বঁটাত আছে এক লাখ টকাৰ চেক, স্মাৰক আৰু মানপত্ৰ।

সংগঠনটোৱে বিগত সময়চোৱাত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত মহিলাৰ ঋতুস্ৰাৱজনিত পৰিষ্কাৰ পৰিশ্চন্নতা সন্দৰ্ভত সচেতনতা অভিযান চলাই আহিছে। লগতে বিনামূলীয়াকৈ ছেনিতাৰী নেপকিন বিতৰণৰো কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...