৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৩ দিনীয়া কাৰ্যসূচীৰে বৰাকত মুখ্যমন্ত্ৰী

‘ভাৰত নিৰপেক্ষ নহয়’
‘শান্তি যি দিশে, আমিও সেই দিশে’
যুদ্ধবিধ্বস্ত ইফক্ৰেইনৰ মাটিত থিয় হৈ বিশ্ববাসীক শান্তিৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পিছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ইউক্ৰেইন ভ্ৰমণ কৰা মোদীৰ ৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণক লৈ বিশ্বজুৰি চৰ্চা হৈছে। কাৰণ যি সময়ত ইউক্ৰেইন আক্ৰমণৰ বাবে আমেৰিকা–ইউৰোপসহ বিশ্বৰ প্ৰায় বোৰ দেশে ৰাছিয়াৰে সম্পৰ্ক ছিন্ন কৰিছে সেই সময়তো ৰাছিয়াৰে বাণিজ্যিক সম্পৰ্ক অটুট আছিল ভাৰতৰ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কও ভাল বুলি আৰু ৰাছিয়া ভ্ৰমণৰ সময়ত দুয়ো ৰাষ্ট্ৰনেতাৰ মাজত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল। সাতে সোতৰই মিলি মোদীৰ ইউক্ৰেইন ভ্ৰমণ শান্তিৰ প্ৰচেষ্টা হ’ব পাৰে বুলি চৰ্চা হৈছে। যুদ্ধবিধ্বস্ত ইফক্ৰেইনৰ মাটিত থিয় হৈ বিশ্ববাসীক প্ৰধানমন্ত্ৰী মোদীয়েও জনালে ভাৰত শান্তিৰ লগতহে আছে। শান্তি যি দিশত থাকিব, ভাৰতো সেই দিশত থাকিব।

শুকুৰবাৰে ১০ ঘণ্টা ৰে’লেৰে যাত্ৰা কৰি ইউক্ৰেইনৰ কীভত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে এক বৈঠকত মিলিত হয়। প্ৰায় তিনি ঘণ্টা ধৰি চলে এই বৈঠকপ্ৰায় তিনি ঘণ্টা ধৰি চলে এই বৈঠক

ইউক্ৰেইনলৈ শীঘ্ৰে শান্তি ঘূৰি অহাৰ কামনা কৰে ভাৰতে
ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি সমৰ্থন আছে ভাৰতৰ
প্ৰতিখন দেশে ৰাষ্ট্ৰসংঘৰ নীতি মানি চলিব বুলি ভাৰতে আশা কৰে


বৈঠকত প্ৰধামন্ত্ৰীয়ে মন্তব্য কৰে মানবিয়তাৰ ফালৰ পৰা ইউক্ৰেইনে যি সাহায্য বিচাৰিছে সেয়া ভাৰতে আগবঢ়াব। ৰাষ্ট্ৰপতি জেলেলস্কিয়ে মোদীৰ ইউক্ৰেইন ভ্ৰমণক শান্তিৰ বাবে ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য কৰিছে। তাৎপৰ্যপূৰ্ণ ভাৱে ভাৰতে ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধক লৈ কাৰোৰ পক্ষ গ্ৰহণ কৰা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে মন্তব্য কৰিছে

এই যুগ যুদ্ধৰ নহয়
ভাৰতে বিচাৰে ৰাছিয়া–ইউক্ৰেইনৰ সমস্যা আলোচনাৰে সমাধান হওক
শান্তি স্থাপনৰ বাবে ভাৰতে উদ্যোগ ল’বলৈ প্ৰস্তুত ভাৰত

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত বহিবলৈও আহ্বান জনাইছে জেলেনস্কিক। যুদ্ধ অন্ত পেলোৱাৰ বাবে প্ৰয়োজনত ব্যক্তিগত উদ্যোগ লোৱাৰো আশ্বাস দিলে প্ৰধানমন্ত্ৰীয়ে। মোদীৰ ইউক্ৰেইন ভ্ৰমণক ৰাষ্ট্ৰসংঘইও গুৰুত্ব সহকাৰে লৈছে। মোদীৰ এই ভ্ৰমনে যুদ্ধ অন্ত পেলোৱাৰ পথ মুকলি কৰিব পাৰে বুলি ৰাষ্ট্ৰসংঘই আশা কৰিছে। আমেৰিকাই একেই আশাই প্ৰকাশ কৰিছে। ইউৰোপৰ মিডিয়াই মোদীৰ ভ্ৰমণক ভাৰাসাম্য ৰক্ষাৰ চেষ্টা, মহৎ উদ্দেশ্য, শান্তি স্থাপনৰ চেষ্টা আদিৰে বিশ্লেষণ কৰিছে। মুঠতে মোদীৰ ইউক্ৰেইন ভ্ৰমণ বিশ্বৰ বাবেই এক চৰ্চাত পৰিণত হৈছে।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...