প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউৰোপ ভ্ৰমণ

চলিত বৰ্ষত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো বিদেশ ভ্ৰমণ। ইউক্ৰেইন সংকট চলি থকা সময়তে নিৰ্দ্ধাৰিত হোৱা এই ভ্ৰমণে বিশেষ চৰ্চা লাভ কৰিছে। ২মে’ৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী ফ্ৰান্স, ডেনমাৰ্ক আৰু জাৰ্মানী লৈ যাব। জানিবপৰা মতে প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰায় ৬৫ ঘণ্টাত ২৫ খনকৈ ব্যস্ততাপূৰ্ণ মিটিং সম্পন্ন কৰিব।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৫০জন GOLBAL BUSINESS LEADERS ৰ সৈতে কথাপাতিব আৰু ইয়াৰেপৰি সাতখন দেশৰ আঠজন নেতাৰ সৈতে দ্বিপাক্ষিক তথা বহুপাক্ষিক বৈথকতো ভাগ ল’ব। লগতে তেওঁ প্ৰবাসী ভাৰতীয় সদস্য সকলৰ সৈতেও আলোচনাত বহিব।

প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মানী আৰু ডেনমাৰ্কত বিমানতে এৰাতিকৈ কটাব। আৰু লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত বহিব। যাক লৈ বৰ্তমান আগতিয়াকৈ চৰ্চা আৰম্ভ হৈছে। আনহাতে প্ৰধানমন্ত্ৰী জনে জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ শ্চোলজৰ সৈতে দ্বিপাক্ষিক আলোচনাত বহিব আৰু দুয়োগৰাকী নেতাই ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী বৈথকত ষষ্ঠ সংস্কৰণত সভাপতিত্ব কৰিব। যোৱা বছৰৰ ডিচেম্বৰ মাহত এঞ্জেলা মাৰ্কেলৰ পৰা শীৰ্ষ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰা চেঞ্চেলৰ শ্চোলজাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমখন বৈথক।

২০২১ চনত ভাৰত আৰু জাৰ্মানীয়ে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০বছৰ স্মৰণ কৰে আৰু ২০০০ চনৰ পৰা দুয়োখন দেশ কৌশলগত অংশাদীৰ হৈ আছে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ লগতে গোলকীয় সম্পৰ্কৰ ক্ষেত্ৰত এক মাত্ৰা প্ৰদান কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...