তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ১২ ফেব্ৰুৱাৰীলৈকে ফ্ৰান্সত কটোৱাৰ পিছত আমেৰিকালৈ ৰাওনা হ’ব মোদী। দুয়ো দেশৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে উভয় দেশৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা আৰু বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাক লৈও বৈঠকত মিলিত হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতেও বৈঠকত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে।

কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় শীৰ্ষ সন্মিলনত ভাগ ল’ব মোদীয়ে। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে সহ অধ্যক্ষতা কৰিব মোদীয়ে। পেৰিছত উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতি মেক্ৰ’ৰ ডিনাৰত ভাগ ল’ব মোদীয়ে। অনুষ্ঠানত উপস্থিত থাকিব বিভিন্ন প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকল। কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কত ফ্ৰান্সৰ সৈতে সহযোগিতা আগবঢ়াব ভাৰতে। ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন। কৃত্ৰিম বুদ্ধিমত্তাক মানৱ সমাজৰ বাবে দায়িত্বশীল ৰূপত গঢ় দিয়াৰ আহ্বান। ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব মোদী। দুয়ো দেশৰ প্ৰতিৰক্ষা আৰু আন বিষয়ক লৈ হ’ব আলোচনা। অসামৰিক পাৰমাণৱিক সহযোগিতা সম্পৰ্কতো আলোচনা কৰিব দুই ৰাষ্ট্ৰৰ নেতাই। ২০২৬ক ঘোষণা কৰা হ’ব ‘ইণ্ডিয়া-ফ্ৰান্স ইন’ভেশ্যন ইয়েৰ’ ৰূপে। যোৱা ১৮ নৱেম্বৰত ব্ৰাজিলত মিলিত হৈছিল ৰাষ্ট্ৰপতি মেক্ৰ’ প্ৰধানমন্ত্ৰী মোদীয়ে। ১২ ফেব্ৰুৱাৰীত আমেৰিকালৈ ৰাওনা হ’ব মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদীৰ এই আমেৰিকা ভ্ৰমণ। অহা ১৪ ফেব্ৰুৱাৰীলৈকে আমেৰিকাত কটাব প্রধানমন্ত্ৰী মোদীয়ে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতেও দ্বিপাক্ষিক বৈঠকত বহিব মোদী। বিভিন্ন প্ৰতিষ্ঠানৰ CEOৰ লগতে প্ৰবাসী ভাৰতীয়ৰ সমাৱেশতো ভাগ ল’ব মোদীয়ে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কঠোৰ অনুপ্ৰৱেশ নীতিৰ মাজতে মোদীৰ এই ভ্ৰমণ। ইতিমধ্যে আমেৰিকাই বিতাড়ণ কৰিছে শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰী ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...