ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী। ট্ৰেভেল এজেঞ্চিৰ নামত গাড়ী ভাৰালৈ নি দুষ্কাৰ্য গৰু চুৰি চক্ৰৰ। নতুনকৈ ক্ৰয় কৰা ডিজাইয়াৰ বাহন ব্যৱহাৰ হ’ল গৰু চুৰি কাৰ্যত। দুলীয়াজানৰ মহাবাহু নামৰ এটা ভুৱা ট্ৰেভেল এজেন্সিৰ এই দুষ্কাৰ্য। ইন্দ্ৰানী ৰয় নামৰ মহিলাগৰাকীয়ে ভাড়ালৈ লৈছিল পংকজ বৰাৰ গাড়ী। মাহিলী ২৫ হাজাৰৰ বিনিময়ত গাড়ীখন ঠিকাত লৈছিল ইন্দ্ৰানীয়ে। প্ৰথম মাহত দুটা কিষ্টিত ২৫ হাজাৰ টকা ঠিকেই দিলে ইন্দ্ৰানী ৰয়ে। পিছৰ মাহৰ পৰা আৰম্ভ নাটক, ভাড়া বিছাৰিলেই দেখুৱাই অজুহাত। অৱশেষত GPS ট্ৰেক কৰি গাড়ীখন বিছাৰি উলিয়ালে যোৰহাটত। গাড়ীখনৰ অৱস্থা দেখি চকু কপালত উঠিল গাড়ীৰ গৰাকী পংকজ বৰাৰ। পঞ্জীয়ন নম্বৰ সলনি কৰি ভুৱা নম্বৰপ্লেট লগাই প্ৰবঞ্চকে চলাইছিল দুষ্কাৰ্য। কাটিলে চিট কভাৰ, ভাঙিলে ফিউল কেপ, ACৰ বাকচ। গাড়ীৰ ভিতৰত পোৱা গ’ল কেৱল গৰু ছাগলীৰ গোবৰ। ইন্দ্ৰানী ৰয়ৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু পংকজ বৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...