ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী। ট্ৰেভেল এজেঞ্চিৰ নামত গাড়ী ভাৰালৈ নি দুষ্কাৰ্য গৰু চুৰি চক্ৰৰ। নতুনকৈ ক্ৰয় কৰা ডিজাইয়াৰ বাহন ব্যৱহাৰ হ’ল গৰু চুৰি কাৰ্যত। দুলীয়াজানৰ মহাবাহু নামৰ এটা ভুৱা ট্ৰেভেল এজেন্সিৰ এই দুষ্কাৰ্য। ইন্দ্ৰানী ৰয় নামৰ মহিলাগৰাকীয়ে ভাড়ালৈ লৈছিল পংকজ বৰাৰ গাড়ী। মাহিলী ২৫ হাজাৰৰ বিনিময়ত গাড়ীখন ঠিকাত লৈছিল ইন্দ্ৰানীয়ে। প্ৰথম মাহত দুটা কিষ্টিত ২৫ হাজাৰ টকা ঠিকেই দিলে ইন্দ্ৰানী ৰয়ে। পিছৰ মাহৰ পৰা আৰম্ভ নাটক, ভাড়া বিছাৰিলেই দেখুৱাই অজুহাত। অৱশেষত GPS ট্ৰেক কৰি গাড়ীখন বিছাৰি উলিয়ালে যোৰহাটত। গাড়ীখনৰ অৱস্থা দেখি চকু কপালত উঠিল গাড়ীৰ গৰাকী পংকজ বৰাৰ। পঞ্জীয়ন নম্বৰ সলনি কৰি ভুৱা নম্বৰপ্লেট লগাই প্ৰবঞ্চকে চলাইছিল দুষ্কাৰ্য। কাটিলে চিট কভাৰ, ভাঙিলে ফিউল কেপ, ACৰ বাকচ। গাড়ীৰ ভিতৰত পোৱা গ’ল কেৱল গৰু ছাগলীৰ গোবৰ। ইন্দ্ৰানী ৰয়ৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু পংকজ বৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...