বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী

বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বাংলাদেশত সংখ্যালঘুসকলৰ নিৰাপত্তাক লৈ দেশৰ ১৪০ কোটি নাগৰিকেই উদ্বিগ্ন । শীঘ্ৰে উত্তপ্ত বাংলাদেশলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবেও চুবুৰীয়া দেশখনৰ প্ৰতি আহ্বান জনায় মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সুৰ মিলায় আৰ এছ এছ মুৰব্বী মোহন ভাগৱতেও। বালাংদেশত বসবাস কৰা হিন্দুসকলক সুৰক্ষা দিয়াতো ভাৰতৰো অন্যতম দায়িত্ব বুলি মন্তব্য কৰে মোহন ভাগৱতে।

বাংলাদেশৰ সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ আহ্বান মোদীৰ
দেশখনলৈ শীঘ্ৰে স্বাভাৱিক ব্যৱস্থা ঘূৰাই অনাৰ আহ্বান
হিন্দু আৰু আন সংখ্যালঘু নিৰ্যাতনক লৈ উদ্বিগ্ন ১৪০ কোটি দেশবাসী
চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিকাশৰ সমভাগী হোৱাৰ পোষকতা মোদীৰ

সংৰক্ষণ বিৰোধী প্ৰতিবাদক লৈ উত্তপ্ত হৈ পৰা বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৃহস্পতিবাৰে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীৰ উদ্দেশ্যে ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশত হিন্দু আৰু আন সংখ্যালঘু লোকসকলৰ ওপৰত চলা নিৰ্যাতনৰ প্ৰসংগ উল্লেখ কৰে। বাংলাদেশত ছাত্ৰ বিক্ষোভে হিংসাত্মক ৰূপ ধাৰণ কৰাত নিৰ্যাতনৰ বলি হ’বলগীয়া হয় দেশখনত বসবাস কৰা হিন্দু আৰু আন সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে। দেশখনৰ বিভিন্ন জিলাত হিন্দু আৰু আন সংখ্যালঘু লোকসকলৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ জ্বলাই দিয়াৰ ঘটনা সংঘটিত হোৱা বুলি বিভিন্ন সংবাদমাধ্যমে প্ৰকাশ কৰি আহিছে। নিৰাপত্তা বিচাৰি বহু লোকে দেশ এৰি ভাৰতত প্ৰৱেশৰো চেষ্টা চলায় আহিছে। বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হৈ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰে যে দেশখনলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা চলোৱা উচিত। এই সম্পৰ্কত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰলৈয়ো আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। চুবুৰীয়া ৰাষ্ট্ৰখনত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাৰ প্ৰসংগ উল্লেখ কৰি ভাষণত মোদীয়ে কয যে কেৱল তেঁৱেই নহয়, বাংলাদেশত হিন্দু আৰু আন সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তাকলৈ দেশৰ ১৪০ কোটি নাগৰিকেই উদ্বিগ্ন হৈ পৰিছে। শীঘ্ৰে হিন্দু আৰু আন সংখ্যালঘু লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

উল্লেখ্য যে, বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰৰ বাবে বাংলাদেশত হিন্দু আৰু আন সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তা প্ৰসংগ উত্থাপন কৰে। ইয়াৰ পূৰ্বে বাংলাদেশত নবেল জয়ী অৰ্থনীতিবিদ ড০ মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তী চৰকাৰ গঠন হোৱাৰ পিছতে বাংলাদেশত সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ সুৰতে সুৰ মিলাই আৰ এছ এছ মুৰব্বী মোহন ভাগৱতেও বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰসংগ উল্লেখ কৰে। নাগপুৰৰ আৰ এছ এছ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মোহন ভাগৱতে বাংলাদেশৰ ৰাজনৈতিক সংকটৰ প্ৰসংগ উল্লেখ কৰি কয় যে দেশখনত বসবাস কৰা হিন্দুসকলে বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। কোনো ভুল বা অপৰাধ নকৰাকৈয়ে হিন্দু লোকসকলে দুখ-দুৰ্দশা ভোগ কৰিবলগীয়া হৈছে। এই লোকসকলক সুৰক্ষা প্ৰদান কৰাতো ভাৰত চৰকাৰৰ দায়িত্ব বুলিও মন্তব্য কৰে মোহন ভাগৱতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...