অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈক মোদীৰ সম্ভাষণ

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ স’তে বৃহস্পতিবাৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰি মোদীয়ে খেলুৱৈসকলক বিভিন্নধৰণে উৎসাহিত কৰে। পেৰিছ অলিম্পিকত পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দল, পদক বিজয়ী মানু ভাকেৰ, সৰৱজিৎ সিং, অমন শ্বেৰাৱটৰ লগতে আন খেলুৱৈসকলক বিশেষভাৱে প্ৰশংসা কৰে মোদীয়ে। ভাৰতীয় পুৰুষ হকী দলে প্ৰধানমন্ত্ৰী মোদীলৈ উপহাৰস্বৰূপে আগবঢ়ায় তেওঁলোকৰ দ্বাৰা স্বাক্ষৰিত এক বিশেষ জাৰ্ছী। অনুষ্ঠানত অন্যান্য খেলুৱৈসকলৰ লগতে উপস্থিত থাকে বেডমিণ্টন খেলুৱৈ লক্ষ্যসেন, বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ভাৰোত্তলক মীৰাবাই চানুও। প্ৰধানমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী মনসুখ মানদব্য আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পি টি ঊষাও। উল্লেখ্য যে পেৰিছ অলিম্পিকত ভাৰতীয় দলটোৱে ৬টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। খেলুৱৈসকলৰ স’তে মতবিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰে ভাৰতীয় খেলুৱৈসকলে নতুন স্বপ্নক বাস্তৱৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। ১৪০ কোটি দেশবাসীৰ স’তে দেশত অলিম্পিয়ান সকললৈ সম্ভাষণ জনোৱা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।


ভাৰতীয় অলিম্পিয়ান দললৈ মোদীৰ সম্ভাষণ

প্ৰধানমন্ত্ৰীৰ বাসগৃহত দলটোৰ স’তে মোদীৰ বাৰ্তালাপ

অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈক মোদীৰ সম্ভাষণ

খেলুৱৈসকলক বিভিন্ন ধৰণে উৎসাহিত কৰে মোদীয়ে

পৰৱৰ্তী পৰ্যায়ৰ নতুন স্বপ্নক বাস্তৱ ৰূপ দিয়াৰ আহ্বান

খেলুৱৈৰ দলটোত আছিল বক্সাৰ লাভলীনা বৰগোহাঁই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...