কিমান শক্তিশালী ভাৰতীয় নৌসেনা? বিশাখাপত্তনমত ৰাষ্ট্ৰপতিৰ ফ্লীট ৰিভিউ

প্ৰথমবাৰলৈ আমি দেখুৱাম Vigilant, Valiant, Victorious…INS VELA

ভাৰতীয় নৌসেনাৰ প্ৰজেক্ট P-75ৰ চতুৰ্থ চাবমেৰিন INS ভেলা। আইএনএছ ভেলা চমুকৈ এছ24 হৈছে ডিজেল-বৈদ্যুতিক চালিত চাবমেৰিন, যাক ফৰাচী নৌ প্ৰতিৰক্ষা আৰু শক্তি গোট ডিচিএনএছয়ে ডিজাইন কৰিছে আৰু মুম্বাইৰ ভাৰতীয় শিপইয়ৰ্ড মাজাগন ডক লিমিটেডে নিৰ্মাণ কৰিছে।

বিশাখাপত্তনমত সোমবাৰে অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ দ্বাদশ ফ্লীট ৰিভিউত ভাৰতীয় নৌ সেনাৰ জাহাজ সমূহ প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আইএনএছ সুমিত্ৰাত যাত্ৰা আৰম্ভ কৰে আৰু ৪৪খন জাহাজে ৰাষ্ট্ৰপতিজনক আনুষ্ঠানিক অভিবাদন জনাইছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ্যকালত এবাৰ ভাৰতীয় ফ্লীটৰ পৰ্যালোচনা কৰাৰ প্ৰথা আছে।

১৯৫৩ চনত ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ কাৰ্যকালৰ পৰা আৰম্ভ হোৱা এই পৰ্যালোচনা কাৰ্যসূচীৰ অংশ হিচাপে আজি ৰাষ্ট্ৰপতি কোবিন্দে ভাৰতীয় নৌ সেনা, ভাৰতীয় উপকূলৰক্ষী বাহিনী, ভাৰতীয় জাহাজ নিগম (এছচিআই) আৰু পৰিৱেশ বিজ্ঞান মন্ত্ৰালয়ৰ (এমঅ’ইএছ) দুটা ফ্লীটৰ পৰ্যালোচনা কৰে।

উল্লেখ্য যে, ভাৰতীয় নৌ-সেনা প্ৰতিষ্ঠা হৈছিল ১৯১২চনত। ইয়াৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ জাহাজ সমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে ‘ইষ্ট ইণ্ডিয়া কোম্পানী মেৰিন’ নামেৰে সেনা গঠন কৰিছিল। ১৮৯২ চনত এই গোটটোক ‘ৰয়েল ইণ্ডিয়ান মেৰিন’ নামেৰে নামকৰণ কৰা হয়। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা পাছত ১৯৫০ চনত পুনৰ গঠন হল ভাৰতীয় নৌ-সেনা । তেতিয়াৰে পৰাই ভাৰতীয় নৌ-সেনাক ‘ভাৰতীয় নৌ-সেনা’ হিচাপে নামাকৰণ কৰা হ’ল। স্বাধীনতাৰ পিছত এতিয়ালৈকে ৰাষ্ট্ৰপতিৰ ১১টা ফ্লীট পৰ্যালোচনা সম্পন্ন হৈছে, যাৰ ভিতৰত দুটা হৈছে ২০০১আৰু ২০১৬চনৰ আন্তৰ্জাতিক ফ্লীট ৰিভিউ।

নৌসেনাৰ সকলো জাহাজ ইয়াত প্ৰদৰ্শিত কৰা নহয়, কিন্তু প্ৰতিটো প্ৰকাৰৰ জাহাজ আৰু ইয়াৰ কেনে ধৰণৰ সামৰ্থ্য আছে তাকহে প্ৰদৰ্শন কৰা হয়। বিশাখাপত্তনমত অনুষ্ঠিত সোমবাৰৰ নৌবহৰ পৰ্যালোচনাত কোবিন্দে নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ পৰা ৬০খনতকৈও অধিক জাহাজ, চাবমেৰিনৰ পৰ্যালোচনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...