ৰাইজৰ দলৰ দাবী THE ASSAM MICRO FIANANCE ACT অতিশীঘ্ৰে বলবৎ কৰিব লাগে

গুৱাহাটী, ১৭ জুন, NKTV: নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ হ’লে ৰাজ্যৰ মহিলা সকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰতি প্ৰদান কৰিছিল। কিন্তু নিৰ্বাচনত জয় লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ ক্ষেত্ৰত কেতবোৰ চৰ্ত আগবঢ়োৱাত বিক্ষুব্ধ হৈ উঠিছে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা একাংশ মহিলা। বিগত কিছুদিনৰ পৰা এই মহিলাসকলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তও কৰি আহিছে। মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত এইবাৰ সংবাদমেল আয়োজনেৰে নিজৰ মত প্ৰকাশ কৰিলে ৰাইজৰ দলে। সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয় যে, নিৰ্বাচনী সভাত মাইক্ৰফাইন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই এতিয়া ঋণগ্ৰস্তসকলক প্ৰতাৰণা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই ২৬ লক্ষাধিক মহিলাক প্ৰতাৰণা কৰিছে বুলিও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিজনে মত প্ৰকাশ কৰে। THE ASSAM MICRO FIANANCE ACTকাৰ্য্যকৰী কৰিলে মহিলাসকলে ঋণ ৰেহাই পালেহেতেন বুলি ভাস্কো ডি শইকীয়া বিশেষ মন্তব্য প্ৰকাশ কৰে। আনহাতে শইকীয়াই এতিয়ালৈ এই আইন কাৰ্য্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰি আইনখন অতিশীঘ্ৰে বলবৎ কৰিব লাগে বুলিও কয়।। ইয়াৰ উপৰি মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভতো ৰাইজৰ দলে চৰকাৰক অতি শীঘ্ৰে সিদ্ধান্ত লবলৈ দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...