জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত সংগঠনটোৱে ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সংগঠনৰ নেতৃত্বই দাবী কৰে যে বিজেপি চৰকাৰৰ আমোলত ধৰ্মান্তৰকৰণৰ হাৰ বৃদ্ধি পাইছে। সংবাদমেলত তেওঁলোকে ধৰ্মান্তৰকৰণৰ শেহতীয়া তথ্যও দাঙি ধৰে। উদাহৰণস্বৰূপে, ধেমাজি জিলাত ২০২৩ চনত ৬৫টা গীৰ্জা আছিল, যি এতিয়া বৃদ্ধি পাই ২৭৫টা হৈছে বুলি উল্লেখ কৰে।

সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে প্ৰলোভন আৰু প্ৰতাৰণাৰ জৰিয়তে কৰা ধৰ্মান্তৰকৰণৰ তেওঁলোক তীব্ৰ বিৰোধী। তেওঁলোকে লগতে কয়, “আমি খ্ৰীষ্টানসকলৰ বিৰোধিতা নকৰোঁ আৰু তেওঁলোকৰ অৰিহণাকো অগ্ৰাহ্য নকৰোঁ।”

সংগঠনটোৱে সংবিধানৰ ৩৪২ অনুচ্ছেদ সংশোধন কৰাৰ দাবীও উত্থাপন কৰে।

এই সংবাদমেলে ৰাজ্যত ধৰ্মান্তৰকৰণৰ বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...