অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা জোৱানৰ বাবে ৰাষ্ট্ৰপতি পদক

প্ৰতি বছৰে দেশৰ গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অগ্নি নিৰ্বাপক সেৱা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিপদক আৰু বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদকৰ লগতে বীৰত্ব পদক আৰু মেধাৱী সেৱা পদক প্ৰদান কৰা হয়।

২০২১ বৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে, ৮৬জন জোৱানক অগ্নি সেৱা পদক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ২৬জন জোৱানক বীৰত্বৰ বাবে অগ্নি সেৱা পদক প্ৰদান কৰা হৈছে। বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ অগ্নি নিৰ্বাপক সেৱা পদক ১০জন কৰ্মচাৰীক প্ৰদান কৰা হৈছে আৰু ৫০জন জোৱানক মেধাৱী সেৱাৰ বাবে অগ্নি সেৱা পদক প্ৰদান কৰা হয়।

তদুপৰি, ৫৫ জন জোৱানক গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত, বিশিষ্ট সেৱা আৰু গৃহৰক্ষীৰ বাবে ৰাষ্ট্ৰপতিৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক আৰু মেধাৱী সেৱাৰ বাবে অসামৰিক প্ৰতিৰক্ষা পদক ক্ৰমান্বয়ে ৫ জন কৰ্মচাৰী আৰু ৫০ জন কৰ্মচাৰীক প্ৰদান কৰা হয়।

The list of Fire Service Medals and  Home Guards & Civil Defence Medals awardees are enclosed as Annexure. 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...