হেমপ্ৰভা চুতীয়াক শিল্পকলা শাখাত পদ্মশ্ৰী বঁটা প্ৰদান কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

নতুন দিল্লীত আয়োজিত অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে এক আড়ম্বৰপূৰ্ণ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অসমৰ হেমপ্ৰভা চুতীয়াক শিল্পকলা ক্ষেত্ৰত আৰু ড০ ৰামকুইৱাংবে জেমে নিউমেক সমাজসেৱাৰ ক্ষেত্ৰত পদ্মশ্ৰী প্ৰদান কৰে।

বঁটাপ্ৰাপকসকলৰ জীৱন আৰু কৰ্মৰ বিষয়ে এক চমু টোকা তলত দিয়া হ’ল:

  1. হেমপ্ৰভা চুতীয়াক শিল্পকলা ক্ষেত্ৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে –

অসমৰ গুণী শিল্পী তথা শিপিনী হেমপ্ৰভা চুতীয়াক তেওঁ তাঁতশালত ৰচা শিল্পকৰ্মৰ বাবে সৰ্বজনবিদিত। সদায়েই তাঁতশালত অনন্য আৰু ব্যতিক্ৰমী সৃষ্টিৰে জগতক চমকিত কৰি আহিছে গুণী শিপিনীগৰাকীয়ে।

  1. ১৯৫৫ চনৰ ২২ ছেপ্টেম্বৰত অসমৰ ডিব্ৰুগড় জিলাৰ ফটিকাচোৱা অভয়পুৰীয়া গাঁৱত জন্মগ্ৰহণ কৰা হেমপ্ৰভা চুতীয়াৰ পিতৃ আছিল এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। অৱশ্যে চুতীয়াই কেৱল মেট্ৰিক স্তৰলৈকে শিক্ষা লাভ কৰিব পাৰিছিল।
  2. চুতীয়াই শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “গুণমালা” মাধবদেৱ বিৰচিত নামঘোষা আৰু ভাগৱত গীতা ক্ৰমে অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত তাঁতশালত বৈ উলিয়াইছে। উল্লেখ্য যে তেখেতে এই আটাইকেইখন গ্ৰন্থ চাৰিবিধ ভিন ভিন কাপোৰত বৈ উলিয়াইছে। এই পদ্ধতিটোক অসমীয়াত বৰ্ণ বস্ত্ৰ নামকৰণ কৰা হৈছে। তেখেতে পৱিত্ৰ গুণমালা পুথিখন অসমীয়া ভাষাত বৈ উলিয়াইছে। ক’লা ঊণেৰে মুগাত বৈ উলিওৱা এই বস্ত্ৰখনৰ দৈৰ্ঘ্য হৈছে ৮০ ফুট আৰু প্ৰস্থ হৈছে ১৮ ইঞ্চি। আনফালে মাধৱদেৱ বিৰচিত নামঘোষা বৈ উলিয়াইছে ২০০ ফুট দৈৰ্ঘ্যৰ আৰু ২ ফুট প্ৰস্থৰ মুগা আৰু ক’লা ঊণৰ এখন বৰ্ণ বস্ত্ৰত। চুতীয়াই ভাগৱত গীতা গ্ৰন্থখন বৈ উলিয়াইছে সংস্কৃত আৰু ইংৰাজী ভাষাত। এই বৰ্ণবস্ত্ৰ দুখন সেউজীয়া ঊণ আৰু মুগাৰে প্ৰস্তুত কৰা হৈছে। ইয়াৰে সংস্কৃত বৰ্ণবস্ত্ৰখনৰ দৈৰ্ঘ্য ১৫০ ফুট আৰু প্ৰস্থ ২ ফুট। আনফালে ইংৰাজী ভাষায় প্ৰস্তুত কৰা বৰ্ণবস্ত্ৰখনৰ দৈৰ্ঘ্য ২৮০ ফুট আৰু প্ৰস্থ ২ ফুট।
  3. উল্লেখ্য যে চুতীয়াই এইপৰ্যন্ত ভালেমান সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত অসম চৰকাৰে ২০২২ চনত আগবঢ়োৱা সন্মানীয় অসম গৌৰৱ (অসম চৰকাৰৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান)। ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ পৰা আই কনকলতা বঁটা, ২০১৭ চনত বকুলবন ন্যাসৰ বকুলবন বঁটা, ২০২১ চনত ডাউন-টাউন বিশ্ববিদ্যালয়ে প্ৰদান কৰা শিপিনী কলাকাৰ বঁটাও অন্যান্য বহু বঁটা-বাহনৰ মাজত অন্যতম।

ড০ ৰামকুইৱাংবে জেমে নিউমেলৈ তেখেতৰ সমাজকৰ্মৰ বাবে আগবঢ়োৱা হৈছে সন্মানীয় পদ্মশ্ৰী সন্মান।

ড০ ৰামকুইৱাংবে জেমে নিউমে হৈছে অসমৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী। উত্তৰ-পূৱ ভাৰতৰ জেলিয়াংৰং হেৰাকা এছ’চিয়েশ্যনৰ তেওঁ এগৰাকী জ্যেষ্ঠ সদস্য।

১৯৪৭ চনৰ ২৫ মে’ তাৰিখে জন্মগ্ৰহণ কৰা ড০ নিউমেয়ে ১৯৭৫ চনত শ্বিলং চৰকাৰী মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে তেওঁক ১৯৭৭ চনত বীৰাঙ্গনা স্বাধীনতা সংগ্ৰামী ৰাণীমা গাইডিনলিউৰ ব্যক্তিগত সহায়ক হিচাপেও নিযুক্ত কৰা হৈছিল। ১৯৮০ চনত, শ্ৰী নিউমেক হাফলঙত উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ অধীনৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ২০১১ চনত জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।

ড০ নিউমে হৈছে ১৯৭৪ চনত প্ৰতিষ্ঠা কৰা উত্তৰ-পূৱৰ জিলিয়াংৰং হেৰাকা এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক। তেওঁ সদায়েই স্বধৰ্মত্যাগক গৰিহণা দি আহিছে আৰু উত্তৰ-পূৰ্বাঞ্চলত বলপূৰ্বক ধৰ্মান্তৰকৰণৰো প্ৰচণ্ড বিৰোধিতা কৰি আহিছে। কেৱল সেয়াই নহয়, তেওঁ দীৰ্ঘকাল ধৰি থলুৱা সংস্কৃতি আৰু থলুৱা লোকবিশ্বাসৰ প্ৰচাৰ কৰি আহিছে। মহিলা সবলীকৰণ আৰু কন্যা শিক্ষাৰ ক্ষেত্ৰত তেওঁ আগবঢ়াই যোৱা অভূতপূৰ্ব অৱদান বহুলভাৱে জনাজাত। ইয়াৰ উপৰি তেওঁ বহুতো নিষ্পেষিত আৰু দৰিদ্ৰ শিক্ষাৰ্থীক ডাঙৰ-দীঘল কৰি তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত হোৱাত সহায় কৰি আহিছে।

ড০ নিউমেয়ে ২০০৯ চনত নিজৰ জীৱনকো বিপন্ন কৰি নাগা আৰু ডিমাচা সম্প্ৰদায়ৰ মাজত জাতিগত সংঘাত সমাধান শান্তি আলোচনা সম্পন্ন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ পৱিত্ৰ গ্ৰন্থ টিংৱাং হিংডেৰ প্ৰতিলিপি কৰাৰ লগতে ৰাণীমা গাইডিনলিউৰ জীৱনী গ্ৰন্থখনো ৰচনা কৰিছিল।

উল্লেখ্য যে ড০ নিউমিয়ে এই পৰ্যন্ত ভালেমান সন্মানীয় বঁটা বাহন লাভ কৰিছে। তেওঁক জিলিয়াংৰং হেৰাকা সন্থাৰ বাবে খিলঞ্জীয়া হেৰাকা জনবিশ্বাস আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰৰ উপৰিও উত্তৰ-পূৱত সামাজিক উত্তৰণৰ দিশত অহৰহ কাম কৰি থকাৰ বাবে  পুনে বোম্বেৰ জনকল্যাণ সমিতিয়ে ১৯৯৭ চনত সন্মানীয় শ্ৰী গুৰুজী সমাজ প্ৰাবধান পুৰস্কাৰেৰে সন্মানিত কৰিছিল। ইয়াৰ উপৰিও হেৰাকা জনশ্ৰুতি আৰু জাতিৰ সুৰক্ষাৰ বাবে তেওঁ কৰি অহা ঐকান্তিক সেৱাৰ বাবে ২০১০ চনত তেওঁলৈ আগবঢ়োৱা হৈছিল ভাওৰাও দেওৰাজ স্মৃতি সেৱা সন্মান। ২০১৫ চনত তেওঁলৈ বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অৱ কালচাৰেল সন্মান আগবঢ়োৱা হয়। এই সন্মান তেওঁলৈ আগবঢ়োৱা হৈছিল বিভিন্ন জাতি-জনগোষ্ঠীক তেওঁলোকৰ পূৰ্বপুৰুষৰ জনশ্ৰুতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বান্ধোন উন্নত কৰাৰ বাবে কৰি অহা ঐকান্তিক প্ৰচেষ্টাৰ বাবে। আনফালে ২০১৮ চনত তেওঁলৈ সন্মানপূৰ্বক ড. ডিগ্ৰী আগবঢ়ায় NITTE বিশ্ববিদ্যালয়ে। এই সন্মান তেওঁলৈ আগবঢ়োৱা হৈছিল উত্তৰ-পূৱৰ সামগ্ৰিক উন্নয়ন তথা লিংগ সমতা আৰু নাৰী সবলীকৰণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ

ভাৰতীয় ফুটবল দলত স্থান লাভ অসম সন্তানৰ। ২০ বছৰ...

টাইৱানত ভূমিকম্পৰ জোকাৰণি

টাইৱানত ভূমিকম্পৰ জোকাৰণি। ৬.৪প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰি গ'ল টাইৱান। মাজনিশা...

যিকোনো সময়তে ভাঙি পেলোৱা হ’ব গুৱাহাটীৰ এখন উৰণ সেতু

ইখনৰ পিছত সিখন উৰণ সেতু নিৰ্মাণৰ সময়তে ডাঙৰ খবৰ।...

পিতৃৰ মৃত্যু হৈছিল ৬ বছৰ পূৰ্বে, তিনিদিন পূৰ্বে মৃত্যু হ’ল অসুস্থ মাতৃৰো

ব্যস্ততাৰ পৃথিৱীত জীৱন এক সংগ্ৰাম । কোনোবাই ত্যাগ কৰে,...