আমেৰিকাক নহয়; চীনকহে মহান কৰি তুলিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

বিশ্বব্যাপী কৰা এক সমীক্ষা অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয় কাৰ্যকালত আমেৰিকা নহয়, চীনক মহান কৰি তুলিছে। সমীক্ষাটোৱে দেখুৱাইছে যে বিশ্বৰ বেছিভাগ মানুহেই বিশ্বাস কৰে যে ট্ৰাম্পৰ “ৰাষ্ট্ৰ-প্ৰথম,” “মেক আমেৰিকা গ্ৰেট এগেইন” পদ্ধতিয়ে আচলতে চীনকহে পুনৰ মহান কৰি তোলাত সহায় কৰিছে।

প্ৰভাৱশালী ইউৰোপিয়ান কাউন্সিল অন ফৰেইন ৰিলেচনছ (ইচিএফআৰ) থিংক টেংকৰ বাবে ২১খন দেশৰ এক সমীক্ষাতো দেখা গৈছে যে, ট্ৰাম্পৰ দিনত আমেৰিকাৰ পৰম্পৰাগত শত্ৰুৱে ইয়াক কম ভয় কৰে, আনহাতে বিশেষকৈ ইউৰোপত ইয়াৰ মিত্ৰ দেশসমূহে আমেৰিকাক অধিক দূৰৈত ৰাখিছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ “ইউৰোপ ইন এ চেঞ্জিং ৱৰ্ল্ড” প্ৰকল্পৰ সহযোগত কৰা হৈছে এই সমীক্ষা।

ইয়াত দেখা গৈছে যে, বেছিভাগ ইউৰোপীয়ই এতিয়া আমেৰিকাক নিৰ্ভৰযোগ্য মিত্ৰ বুলি গণ্য নকৰে। আনহাতে ৰাছিয়াই এতিয়া ইউৰোপীয় ইউনিয়নক আমেৰিকাতকৈ অধিক শত্ৰু হিচাপে লয়।

ইউৰোপৰ ১৩খন দেশ, আমেৰিকা, চীন, ভাৰত, ৰাছিয়া, তুৰস্ক, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়াৰ প্ৰায় ২৬ হাজাৰ লোকৰ মাজত কৰা এই সমীক্ষাত দেখা গৈছে যে- সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰায় প্ৰতিখন দেশৰ সংখ্যাগৰিষ্ঠই অহা দশকত চীনৰ বিশ্বব্যাপী প্ৰভাৱ বৃদ্ধি পাব বুলি আশা কৰিছে। এই সংখ্যা দক্ষিণ আফ্ৰিকাত ৮৩%, ব্ৰাজিলত ৭২%, আৰু তুৰস্কত ৬৩%ৰ পৰা আমেৰিকাত ৫৪%, ইউৰোপীয় ইউনিয়নৰ ১০খন দেশত ৫৩%, ভাৰতত ৫১%, আৰু ব্ৰিটেইনত ৫০%লৈকে আছিল।

ইউৰোপীয় ইউনিয়নৰ অধিকাংশ নাগৰিকে আশা কৰিছে যে, চীনে অতি সোনকালে বৈদ্যুতিক বাহন আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বিশ্বক আগুৱাই নিব। সমীক্ষাত দেখা গৈছে যে কেৱল ইউক্ৰেইন আৰু দক্ষিণ কোৰিয়াত সংখ্যাগৰিষ্ঠই চীনক প্ৰতিদ্বন্দ্বী বা শত্ৰু বুলি গণ্য কৰিছিল, আনহাতে দক্ষিণ আফ্ৰিকা, ভাৰত আৰু ব্ৰাজিলত চীনক দুবছৰ আগৰ তুলনাত এতিয়া অধিক লোকে বন্ধু বুলি গণ্য কৰে।

ইয়াৰ উপৰিও বহুতে ব্ৰাজিল, ভাৰত, দক্ষিণ আফ্ৰিকা, তুৰস্কৰ বাহিৰে আমেৰিকাই প্ৰভাৱশালী হৈ থাকিব বুলি বিশ্বাস কৰিলেও কোনো দেশেই, আনকি আমেৰিকাইও আমেৰিকাৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি গৰিষ্ঠসংখ্যকে বিশ্বাস কৰা দেখা পোৱা নগ’ল। চীনৰ প্ৰতি ক্ৰমান্বয়ে ইতিবাচক দৃষ্টিভংগীৰ মাজতে সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰায় সকলো দেশতে আমেৰিকাৰ মিত্ৰ হিচাপে স্থান হ্ৰাস পাইছে, ভাৰত একমাত্ৰ দেশ য’ত সংখ্যাগৰিষ্ঠ লোকে এতিয়াও বিশ্বাস কৰে যে- আমেৰিকা মূল্যবোধ আৰু স্বাৰ্থৰ অংশীদাৰ হিচাপে ভাৰতৰ মিত্ৰ দেশ।

আন আন সমীক্ষাসমূহে দেখুৱাইছে যে, ইউৰোপীয় ইউনিয়নৰ নাগৰিকসকলৰ মাজত আমেৰিকাৰ প্ৰতি থকা ধাৰণাসমূহৰ যথেষ্ট পৰিৱৰ্তন হৈছে। এতিয়া মাত্ৰ ১৬% লোকে আমেৰিকাক মিত্ৰ বুলি গণ্য কৰাৰ বিপৰীতে ২০% লোকে ইয়াক প্ৰতিদ্বন্দ্বী বা শত্ৰু বুলি গণ্য কৰে। আন ঠাইতো আমেৰিকাৰ প্ৰতি দৃষ্টিভংগী হ্ৰাস পাইছে।

বেছিভাগ দেশতে এই সমীক্ষাত এইটোও দেখা গৈছে যে, বিশ্বৰ শক্তিৰ ভাৰসাম্য সলনি হোৱাৰ লগে লগে ইউৰোপৰ প্ৰতি জনসাধাৰণৰ ধাৰণাও সলনি হৈছে, বিশেষকৈ ৰাছিয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...