গুৱাহাটীত নাটকীয়ভাৱে আটক প্ৰণৱ দাস

0 2,592

SI জোনমণি ৰাভাৰ মৃত্যু ৰহস্যত প্ৰথম দিনাৰ পৰাই সাঙোৰ খাইছিল আৰু এজন আৰক্ষী বিষয়াৰ নাম। হয়বৰগাঁও আৰক্ষী চকীৰ IC হিচাপে কৰ্মৰত SI আভা জ্যোতি ৰাভা। প্ৰয়াত জোনমণিৰ মাক আৰু ককায়েকৰ অভিযোগ অনুসৰি সেই নিশা SI আভা জ্যোতি ৰাভাৰ সৈতেই ওলাই গৈছিল জোনমণি। বৃহস্পতিবাৰে নগাঁৱৰ আৰক্ষী অতিথিশালাত CIDৰ মাৰাথন জেৰাৰ সন্মুখীন হ’ল SI আভা জ্যোতি ৰাভা। ইপিনে প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ মতে দুৰ্ঘটনাৰ পিছতে জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা ওলাই গৈছিল এজন সুঠাম চেহেৰাৰ যুৱক। পিন্ধনত আছিল মাটীয়া বৰণৰ টি-ছাৰ্ট, ক’লা পেন্ট, ক’লা জোতা। কোন আছিল গাড়ীৰ পৰা ওলাই যোৱা লোকজন? SI আভাজ্যোতি নহয়তো! এতিয়াও উত্তৰবিহীন বহু প্ৰশ্ন। CIDৰ তদন্তত ওলাবনে এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ?

SI আভাজ্যোতি ৰাভা। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। মৰিকলং থানাৰ IC জোনমণিৰ ৰাভাৰ সন্দেহজনক হত্যাত প্ৰথমদিনাৰ পৰাই সাঙোৰ খাইছিল SI আভাজ্যোতি ৰাভাৰ নাম। অভিযোগ উত্থাপন কৰিছিল জোনমণিৰ মাক আৰু ককায়েকে। সেই নিশা জোনমণিৰ সৈতে আছিল SI আভাজ্যোতি ৰাভা।

মংগলবাৰে পুৱতি নিশা জোনমণিৰ দুৰ্ঘটনাৰ পিছত আভাজ্যোতিক ফোন কৰিছিল জোনমণিৰ মাকে। কিন্তু SI আভাজ্যোতিয়ে মিছা মাতিছিল।

জখলাবন্ধাত নিশা প্ৰাণঘাতী দুৰ্ঘটনাত নিহত বুলি প্ৰথমে সন্দেহ কৰা জোনমণিৰ ৰাভাৰ পৰিয়ালক এই কথা কৈ মৌন হৈ গৈছিল SI আভাজ্যোতি। সমগ্ৰ ঘটনাক লৈ ইতিমধ্যেই ৰহস্যজনক মৌনতা অৱলম্বন কৰিছিল নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দ’লেই। কিন্তু বুধবাৰে নিশা এজন প্ৰত্যক্ষদৰ্শীয়ে সকলো ওলট-পালত কৰি পেলালে। বোকাখাতৰ প্ৰণৱ দাস। অভিশপ্ত নিশা প্ৰণৱ দাসে দেখা দৃশ্য গাৰ নোম শিয়ঁৰি উঠা।

জোনমণিৰ ৰৈ থকা বাহনত খুন্দা মাৰিছিল ট্ৰাকখনে

দুৰ্ঘটনাৰ পিছত গাড়ীৰ পৰা ওলাই আহিছিল এজন লোক

সুঠাম চেহেৰাৰ, পিন্ধনত ক’লা পেন্ট-জোতা

কিন্তু সঁচা কথাই কাল হ’ল প্ৰণৱ দাসৰ বাবে। বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত নাটকীয়ভাবে আটক প্ৰণৱ দাস। প্ৰত্যক্ষদৰ্শী হিচাপে দিয়া ভাষ্যৰ বাবেই CIDয়ে আটক কৰে প্ৰণৱ দাসক।

প্ৰণৱ দাসৰ মহাবিস্ফোৰণৰ পিছতে গাঢ় হৈছিল জোনমণিৰ হত্যাৰ সন্দেহ। কোন আছিল দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা ওলাই অহা লোকজন? সুঠাম চেহেৰাৰে সেয়া আভাজ্যোতি ৰাভাই নাছিলতো? SI জোনমণিৰ ৰাভাৰ মৃত্যু ৰহস্যৰ কথা জানিবলৈ ব্যগ্ৰ হৈ থকা লাখ লাখ মানুহৰ মনত দোলা দি যোৱা প্ৰশ্ন এয়া। অন্তিম নিশা জোনমণিৰ সৈতে সংঘটিত ঘটনাক্ৰম সন্দৰ্ভত পৰিয়ালৰ অভিযোগ আৰু প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ বিস্ফোৰক ভাষ্য। SI আভাজ্যোতি ৰাভাতে ৰৈ নাযায়নে কথাবোৰ?

বৃহস্পতিবাৰৰ পুৱাৰে পৰাই অতি প্ৰাসংগিক হৈ পৰিল হয়বৰগাঁও আৰক্ষী চকীৰ IC আভাজ্যোতি ৰাভা। পুৱা নগাঁও আৰক্ষীৰ অতিথিশালাত আছিল আভাজ্যোতি। তাত CIDৰ SSPৰ মাৰাথন জেৰা SI আভাজ্যোতিক।

কেৱল আভাজ্যোতিয়ে নহয়, জোনমণিৰ সন্দেহজনক হত্যা প্ৰসংগত মৰিকলং চকীৰ বিষয়া­-কনিষ্টবলকো জেৰা CIDৰ। তাৰ মাজতে নগাঁৱৰ ১৪৮ কনিষ্টবলক ৰদবদল SP লীনা দ’লেৰ। বৃহস্পতিবাৰে এক নিৰ্দেশযোগে ১৪৮ জন কনিষ্টবলক জিলাখনৰ ভিতৰতে ৰদবদল কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। অৱশ্যে SI জোনমণিৰ ৰাভাৰ সন্দেহজনক হত্যাৰ সৈতে এই ৰদবদলৰ সম্পৰ্ক আছে নে নাই সেয়া অজ্ঞাত। জোনমণিৰ মৃত্যুৰ সাঁথৰ এতিয়াও সাঁথৰ হৈয়ে আছে। উদ্ধাৰ হোৱা নাই জোনমণিৰ এটা ম’বাইল ফোন। অন্তিম নিশা কোন আছিল জোনমণিৰ সৈতে? চাঞ্চল্যকৰ ফোন ৰেকৰ্ডিঙত অজ্ঞাত আৰক্ষীয়ে কোৱা কথাবোৰৰ ফৰেনছিক পৰীক্ষা হ’বনে? উত্তৰবিহীন প্ৰশ্নবোৰৰ উত্তৰ লাগে ৰাইজক।

Leave A Reply

Your email address will not be published.