বিশ্বৰ সৰ্বোচ্চ চূড়াত ২৭ বাৰকৈ আৰোহণৰ বিৰল অভিলেখ

এবাৰ দুবাৰ নহয়, এতিয়ালৈকে ২৭ বাৰ

বিশ্বৰ সৰ্বোচ্চ চূড়াত ২৭ বাৰকৈ আৰোহণৰ বিৰল অভিলেখ

নেপালী শ্বেৰ্পা কামি ৰিতাই ইতিহাস ৰচিলে মাউণ্ট এভাৰেষ্টত

এভাৰেষ্টৰ শীৰ্ষত পদাৰ্পণ কৰি আকৌ বিজয় ধ্বজ্জা উৰুৱালে কামি ৰিতা শ্বেৰ্পাই

১৯৯৪চনত প্ৰথমবাৰলৈ এভাৰেষ্ট আৰোহণ কৰিছিল কামি ৰিতাই

৮,৮৪৮ মিটাৰ অৰ্থাৎ ২৯ হাজাৰ ৩৫ ফুট উচ্চতাৰ সাগৰমাথা ওৰফে মাউণ্ট এভাৰেষ্ট হৈছে বিশ্বৰ আটাইতকৈ ওখ পৰ্বত শিখৰ। এই শিখৰলৈ বুলি প্ৰতিবছৰে অভিযান চলায় ভালে সংখ্যক পৰ্বতাৰোহীয়ে। অভিযানত কোনোবা সফলল হয় কোনোবা ব্যৰ্থ হয়। কিন্তু এজন পৰ্বতাৰোহীয়ে সকলো প্ৰতিকূলতা–বিপদ বিঘিনি নেওচি  এভাৰেষ্টৰ শীৰ্ষত ২৭ বাৰৰ বাবে পদাপৰ্ণ কৰি মানুহৰ বীৰত্বৰ নতুন ইতিহাস সৃষ্টি কৰিছে।  নেপালৰ কামি ৰিতা শ্বেৰ্পা নামৰ পৰ্বতাৰোহীজনে যোৱা ১৭ মে’ৰ দিনা এভাৰেষ্টৰ শীৰ্ষত বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হয়। এয়া আছিল ৫৩ বছৰীয়া কামি ৰিতাৰ বাবে এভাৰেষ্টত ২৭তম বাৰৰ বাবে আৰোহণ। ১৯৯৪ চনৰ পৰা প্ৰায় প্ৰতিবছৰেই এভাৰেষ্ট আৰোহণ কৰি আহিছে কামি ৰিতা শ্বেৰ্পাই। যোৱা সপ্তাহত আন এজন নেপালী শ্বেৰ্পাই ২৬ তম বাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰি কামি ৰিতাৰ ইতিহাস স্পৰ্শ কৰিছিল।

১৫ মে’ত ৪৬ বছৰীয়া পাছাং ডাৱা শ্বেৰ্পাই আৰোহণ কৰিছিল এভাৰেষ্টত

এই আৰোহণেৰে তেওঁ স্পৰ্শ কৰিছিল কামি ৰিতাৰ ২৬ বাৰ এভাৰেষ্ট আৰোহণৰ অভিলেখ

অৱশ্যে দুদিন পিছতে কামি ৰিতাই পুনৰ এভাৰেষ্টত আৰোহণ কৰি গঢ়িলে ন অভিলেখ

এভাৰেষ্টৰ শীৰ্ষত সৰ্বাধিক ২৭ বাৰৰ বাবে ভৰি দিয়া ব্যক্তিৰ অভিলেখ কামি ৰিতাৰ

THE EVEREST MAN  হিচাপে পৰিচিত হৈ পৰিছে কামি ৰিতা শ্বেৰ্পা

এভাৰেষ্টত সাধাৰণতে মে’ মাহত পৰ্বতাৰোহীসকলে আৰোহণ কৰা পৰিলক্ষিত হয়। চলিত বৰ্ষত নেপালৰ পৰ্যটন বিভাগে ৪৭৮গৰাকী পৰ্বতাৰোহীক দিছে এভাৰেষ্ট আৰোহণৰ অনুমতি। এজন পৰ্বতাৰোহীয়ে অনুমতিৰ বাবে নেপাল চৰকাৰক  দিব  লাগে ১১ হাজাৰ ডলাৰৰ ৰয়েলিটী। ভাৰতীয় মুদ্ৰা হিচাপত এই পৰিমাণ প্ৰায় ৯ লাখ ১০ হাজাৰ টকা। একে সময়তে ব্ৰিটিছ পৰ্বতাৰোহী কেণ্টন কুলে এভাৰেষ্টত সৃষ্টি কৰিছে আন এক অভিলেখ।

এভাৰেষ্টত সপ্তদশ বাৰৰ বাবে আৰোহণ কেণ্টন কুলৰ। এভাৰেষ্টত সৰ্বাধিক আৰোহণ কৰা বিদেশী পৰ্বতাৰোহীৰ অভিলেখ কুলৰ। এভাৰেষ্টত অভিলেখ গঢ়াতো এতিয়া এটা নতুন ফেশ্বনত পৰিণত হৈছে। ৫৩ বছৰীয়া কামি ৰিতা শ্বেৰ্পাৰ বাবে এতিয়া প্ৰত্যাহ্বান হৈ পৰিছে ৪৬ বছৰীয়া পাছাং ডাৱা শ্বেৰ্পা। অনাগত দিনত কোনগৰাকী পৰ্বতাৰোহী সৰ্বাধিক বাৰ এভাৰেষ্ট আৰোহণকাৰী হিচাপে চিহ্নিত হৈ ৰ’ব সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...