কি ৰোগত আক্ৰান্ত জাষ্টিন বিবাৰ? কিয় বাতিল কৰিছে ইখনৰ পিছত সিখন কালচাৰেল নাইট?

জনপ্ৰিয় সংগীত শিল্পী জাষ্টিন বিবাৰ পুনৰ চৰ্চাত। পপ ষ্টাৰজন আক্ৰান্ত ৰামছে হাণ্ট ছিণ্ড্ৰম ৰোগত। যাৰ বাবে মুখায়ৱবৰ আধা অংশ বিকল হৈ পৰিছে। অৰ্ধাংশ পেৰালাইজড হৈ পৰাৰ বাবে বাতিল কৰিছে সংগীত অনুষ্ঠানসমূহ। ইতিমধ্য়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগীসকলক এই কথা সদৰি কৰিছে পপ ষ্টাৰজনে।
নিজৰ পোষ্টটোত জাষ্টিনে লিখিছে-“মই মোৰ পৰৱৰ্তী অনুষ্ঠানটো বাতিল হোৱাত হতাশ হোৱা সকলক কওঁ যে মই শাৰীৰিক আৰু স্বাভাৱিকভাৱে প্ৰদৰ্শন কৰিব পৰা অৱস্থাত নাই।” নিজৰ মুখৰ ছবিৰ ইংগিত দি কৈছিল, “আপুনি দেখিছে ই অতি গুৰুতৰ। মোৰ শৰীৰে মোক কৈছে যে মই অলপ ৰ’ব লাগিব। মই আশা কৰোঁ আপুনি বুজি পাইছে। মই এই সময়খিনি কেৱল আৰাম কৰিবলৈ আৰু ১০০ শতাংশ পূৰ্ণ শক্তিৰে ঘূৰি আহিবলৈ ব্যৱহাৰ কৰিম যাতে মই যি কাৰণত জন্মগ্ৰহণ কৰিছিলোঁ সেয়া কৰিব পাৰো।”
উল্লেখ্য যে, এই ৰোগৰ ফলত কাণ, জিভা আৰু মুখৰ ওপৰৰ অংশত দাগ হয়। লগতে কাণ আৰু মূৰত তীব্ৰ বিষ হয়। এই ৰোগ চিনাক্ত কৰিবলৈ তেজ পৰীক্ষা কৰিব লগা হয় অথবা এম.আৰ.আই. আৰু ছালৰ পৰীক্ষা কৰা হয়। অন্যথা মেৰুদণ্ডৰ টেপৰ পদ্ধতি গ্ৰহণ কৰিব পাৰি, য’ত মেৰুদণ্ডৰ নলীত বেজী এটাৰ জৰিয়তে চেৰিব্ৰোস্পাইনেল তৰল পদাৰ্থ আঁতৰ কৰি পৰীক্ষা কৰা হয়।
মন কৰিব লগীয়া যে, এই ভাইৰাছ শৈশৱত চিকেন পক্স হোৱা ব্যক্তি এজনৰ শৰীৰত আঁসোৱাহ থাকি যাব পাৰে। ইয়াৰ পিছৰ সময়ত ভাইৰাছটোৱে কেনেদৰে প্ৰতিক্ৰিয়াশীল হয় সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি বুলি বিশেষজ্ঞসকলে সদৰি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...