কি ৰোগত আক্ৰান্ত জাষ্টিন বিবাৰ? কিয় বাতিল কৰিছে ইখনৰ পিছত সিখন কালচাৰেল নাইট?

জনপ্ৰিয় সংগীত শিল্পী জাষ্টিন বিবাৰ পুনৰ চৰ্চাত। পপ ষ্টাৰজন আক্ৰান্ত ৰামছে হাণ্ট ছিণ্ড্ৰম ৰোগত। যাৰ বাবে মুখায়ৱবৰ আধা অংশ বিকল হৈ পৰিছে। অৰ্ধাংশ পেৰালাইজড হৈ পৰাৰ বাবে বাতিল কৰিছে সংগীত অনুষ্ঠানসমূহ। ইতিমধ্য়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগীসকলক এই কথা সদৰি কৰিছে পপ ষ্টাৰজনে।
নিজৰ পোষ্টটোত জাষ্টিনে লিখিছে-“মই মোৰ পৰৱৰ্তী অনুষ্ঠানটো বাতিল হোৱাত হতাশ হোৱা সকলক কওঁ যে মই শাৰীৰিক আৰু স্বাভাৱিকভাৱে প্ৰদৰ্শন কৰিব পৰা অৱস্থাত নাই।” নিজৰ মুখৰ ছবিৰ ইংগিত দি কৈছিল, “আপুনি দেখিছে ই অতি গুৰুতৰ। মোৰ শৰীৰে মোক কৈছে যে মই অলপ ৰ’ব লাগিব। মই আশা কৰোঁ আপুনি বুজি পাইছে। মই এই সময়খিনি কেৱল আৰাম কৰিবলৈ আৰু ১০০ শতাংশ পূৰ্ণ শক্তিৰে ঘূৰি আহিবলৈ ব্যৱহাৰ কৰিম যাতে মই যি কাৰণত জন্মগ্ৰহণ কৰিছিলোঁ সেয়া কৰিব পাৰো।”
উল্লেখ্য যে, এই ৰোগৰ ফলত কাণ, জিভা আৰু মুখৰ ওপৰৰ অংশত দাগ হয়। লগতে কাণ আৰু মূৰত তীব্ৰ বিষ হয়। এই ৰোগ চিনাক্ত কৰিবলৈ তেজ পৰীক্ষা কৰিব লগা হয় অথবা এম.আৰ.আই. আৰু ছালৰ পৰীক্ষা কৰা হয়। অন্যথা মেৰুদণ্ডৰ টেপৰ পদ্ধতি গ্ৰহণ কৰিব পাৰি, য’ত মেৰুদণ্ডৰ নলীত বেজী এটাৰ জৰিয়তে চেৰিব্ৰোস্পাইনেল তৰল পদাৰ্থ আঁতৰ কৰি পৰীক্ষা কৰা হয়।
মন কৰিব লগীয়া যে, এই ভাইৰাছ শৈশৱত চিকেন পক্স হোৱা ব্যক্তি এজনৰ শৰীৰত আঁসোৱাহ থাকি যাব পাৰে। ইয়াৰ পিছৰ সময়ত ভাইৰাছটোৱে কেনেদৰে প্ৰতিক্ৰিয়াশীল হয় সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি বুলি বিশেষজ্ঞসকলে সদৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...