পাকিস্তানৰ হিন্দু মন্দিৰত পুনৰ আক্ৰমণ

পাকিস্তানৰ হিন্দু মন্দিৰত পুনৰবাৰ আক্ৰমণ কৰা হৈছে। পাকিস্তানৰ সংখ্যালঘু জনসাধাৰণৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে এনে আক্ৰমণ কোনো নতুন ঘটনা নহয়। শেহতীয়াকৈ পাকিস্তানৰ এটা দুষ্কৃতিকাৰীৰ দলে কৰাচীৰ সিন্ধু প্ৰদেশত থকা এটা হিন্দু মন্দিৰত আক্ৰমণ কৰে। আক্ৰমণত সমগ্ৰ মন্দিৰটো ধ্বংস হৈ পৰিছে। মন্দিৰৰ গৰ্ভগৃহটো ভাঙি চুৰমাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে।

জানিব পৰা মতে, ঘটনাটো পাকিস্তানৰ বন্দৰ চহৰৰ পাঁচ নম্বৰ কোৰাংগী অঞ্চলত সংঘটিত হৈছে। এই ঘটনাটোক লৈ এতিয়া আতংকিত হৈ পৰিছে পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল।

উক্ত মন্দিৰটো অঞ্চলটোৰ এটা বিখ্যাত মন্দিৰ। সেই মন্দিৰতে দুৰ্বৃত্তই আক্ৰমণ কৰে। কেৱল মন্দিৰতে নহয়, পুৰোহিতৰ ঘৰটো আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। বৰ্তমানলৈকে পাকিস্তান আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই।

কোৰাংগীৰ এছএইচঅ’ ফাৰুক সঞ্জৰানীয়ে কয় যে স্থানীয় লোকসকলৰ বিবৃতি অনুসৰি, সম্পূৰ্ণ ঘটনাটোত ছয়ৰ পৰা আঠজন অভিযুক্ত আছে। এটা হিন্দু মন্দিৰত দলটোৱে আক্ৰমণ কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে তদন্ত কৰি আছে। লগতে তেওঁ কয় যে, আটাইকেইজন অভিযুক্ত সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...