কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ।

বৃষ : কর্মত সুখ্যাতি লাভ। আনৰ কথা লৈ মূৰ নঘমাব। ৰাজনীতিত উদ্যম থাকিব। দাম্পত্যত জীৱন সুখ-শান্তিময়। শত্ৰু কমিব।

মিথুন : কোনো সুখবৰ পাব। মনোবলৰ জোৰতে বহুতখিনি কাম হৈ উঠিব। বুদ্ধিবৃত্তিত গাম্ভীর্যতা থাকিব। সন্তানৰ শুভ। শিল্পীৰ সুনাম।

কৰ্কট : সুস্থিৰ মীমাংসাত উপনীত হ’ব পাৰিব। নতুন বন্ধু লাভ। ৰাজনীতিত নতুন আশাৰ সঞ্চাৰ। গুৰু কৃপা লাভ কৰিব। চিত্ৰকৰৰ সুনাম।

সিংহ : পাণ্ডিত্য প্রতিভা প্রকাশ পাব। ভাতৃৰ উন্নতিয়ে আনন্দ দিব। মনোবল অটুট থাকিব। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভ্ৰমণত শুভ। বিদ্যাত কষ্ট।

কন্যা : কর্মক্ষেত্ৰত যথেষ্ট চিন্তা-ভাবনা থাকিব। গাম্ভীর্যতা প্রকাশ পাব। ভুল চিন্তা মনলৈ নানিব। পাণ্ডিত্য প্রতিভা থাকিব।

তুলা : পাৰিবাৰিক জীৱনৰ ব্যস্ততা বাঢ়িব। ৰাজহুৱা কামত সুখ্যাতি। নিৰামিষ খাওক। শত্রু পদানত হ’ব। ক্ৰীড়াত সুনাম। বিদ্যাত সুখ।

বৃশ্চিক : মনৰ উদ্যম বাঢ়িব। সন্তানৰ পৰা সু-সংবাদ পাব। পানীৰ পৰা ভয়। আধিপত্য বিস্তাৰ কৰিব পাৰিব। সাহিত্যিক-সাংবাদিকৰ সুনাম।

ধনু : কর্মত দৃঢ়তা থাকিব। আৱেগ বর্জন কৰক। সততা ৰক্ষা পাৰিব। সন্তানক লৈ চিন্তা। ক্রীড়াত সুনাম বৃদ্ধি পাব। শত্রু কমিব। সম্পদ লাভ।

মকৰ : কৰ্মত বলিষ্ঠ সংযোগ। পদোন্নতি বা বদলিৰ যোগ। শত্ৰু কমিব। ধন ধাৰলৈ নিদিয়াই ভাল। নতুন বন্ধু লাভ। পেটৰ অসুখ হ’ব পাৰে। ভ্রমণ।

কুম্ভ : সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ।

মীন : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ নকৰিব। দুষ্টৰ সংগ ত্যাগ কৰক। প্রতিযোগিতাত জয়লাভ। পাণ্ডিত্য প্রতিভা থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...