মন্ত্ৰী-বিধায়কৰো খবৰ নাই, নিৰ্বাচনৰ আগতহে অহা-যোৱা

দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো, উন্নয়ণৰ গংগা বোৱা বুলি একাধিকবাৰ ঢাক-ঢোল পিতাৰ পিছতো, ৰাজ্যৰ বহু প্ৰান্তত এতিয়াও মানুহ এনেকৈয়ে চলিছে। পথ-পথাৰ একাকাৰ কৰি মানুহে যাতায়াত কৰিছে। যিকোনো মুহূৰ্তত দুৰ্ঘটনাৰ আশংকা। একোটা সদাব্যস্ত পথৰ কদৰ্যময় বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে ৰাইজক।

আজিও উন্নয়ণে ঢুকি পোৱা নাই জোনাইৰ বৃহত্তৰ ৰাজাখানা অঞ্চল। যেন আদিম যুগতহে বাস কৰিছে অঞ্চলবাসীয়ে। ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে অহা যোৱা কৰা এই পথেৰে। এই পথেৰেই যায় স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী। বিধ্বস্ত পথেৰেই অহা যোৱা কৰে ৰোগী। স্থানীয় বিধায়ক তথা সাংসদগৰাকীক আবেদন নিবেদন কৰি আহিছে অঞ্চলবাসীয়ে। পিছে নাই। তেওঁলোকৰ আহৰি নাই।

একেদৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা জলেশ্বৰ সংযোগী পথটোৰ নিৰ্মাণৰ কাম দুটা বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে অকৰ্মণ্য বিভাগে। পথাৰ-পুখুৰী-পিতনি আপুনি যি বুলিয়েই অভিহিত কৰে, সেই পথটোৰেই চলে নিতৌ যাতায়াত। প্ৰায় দুটা বছৰ আগৰ পৰা লক্ষীপুৰ জলেশ্বৰ সংযোগী বিধ্বস্ত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ঠিকাদাৰে। কিন্তু আজিলৈকে কোনো গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰজনে। ইফালে অৱধাৰিতভাৱে কুম্ভকৰ্ণৰ নিদ্ৰাত গড়কাপ্তানি বিভাগ।

ইফালে মৰণফান্দত পৰিণত হৈছে অসম মিজোৰাম সীমান্তত থকা কাছাৰৰ ভাগা-শেৰখান পথ। প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ মাজেৰে জীৱনটো হাতত লৈ দৈনিক চলাচল কৰি আছে বিভিন্ন যান-বাহন। বাহনত আছে কণ কণ ছাত্ৰ-ছাত্ৰী, অসুখীয়া বয়স্ক লোক। প্ৰতিদিনেই পথচোৱাত সংঘটিত হৈছে দুৰ্ঘটনা। কিন্তু নাই, কাৰো কোনো খেয়াল নাই।

লখিমপুৰৰ কদমীয়ালতো একেই পৰিৱেশ। মূল পথচোৱা পকী কৰি দিম বুলি প্ৰতিশ্ৰুতি দিও পাহৰিলে জনপ্ৰতিনিধিয়ে। নিৰ্বাচনৰ সময়তহে ৰাইজলৈ দৰদ উপজে তেৰাৰ। গাঁঠিৰ ধন ভাঙি ৰাইজে এইবাৰ নিজা নিৰ্মাণ কৰিছে নিজ গাঁৱৰ পথছোৱা।

আপুনি ভবাৰ দৰেই এটা বিভাগ আছে। নাম গড়কাপ্টানী। কিন্তু বিভাগটো নুঠে! শুই থাকে। স্বাধীনতাৰ ৭৫ বছৰে হয়তো শুইয়ে আছে এই বিভাগটো। যাৰ বাবে মৰণক শৰণ দি ৰাজ্যৰ বহু প্ৰান্তৰ প্ৰত্যন্তৰ অঞ্চলৰ লগতে চহৰীয়া বহু অঞ্চলতো দৈনিৰ জীয়াতু ভুগি আহিছে পথচাৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...