ইংলেণ্ডত থকা দৰাই খেলি-মেলি কৰিলে…

ল’ৰা চাকৰিসূত্ৰে থাকে ইংলেণ্ডত। ছোৱালীয়ে চাকৰি কৰে পুনেত। মেট্ৰিমনিয়েল ছাইটত চিনাকি হৈছিল দুয়ো। তাৰ পাছতেই বিয়াৰ বাবে সাজু সকলো। কিন্তু বিয়াতেই অথন্তৰ। লগ্ন উকলি যোৱাৰ অজুহাতত বিয়া বাতিল কৰিলে দৰাই। কইনাৰ পৰিয়ালৰ অভিযোগ, যৌতুক বিচাৰিছিল দৰাই। সেয়ে তেওঁলোকে বাতিল কৰিলে বিয়া। পৰিস্থিতি ইমান বেয়ালৈ গ’ল যে ৰভাতলীত উপস্থিত হ’বলগীয়া হ’ল আৰক্ষী।

হোৱা বিয়াখন নোহোৱা হ’ল
লগ্নই লগালে গণ্ডগোল
ইংলেণ্ডত থকা দৰাই খেলি-মেলি কৰিলে

ভবাৰ দৰেই হৈছিল কথাবোৰ। দৰা থাকে ইংলেণ্ডত। ছফ্টৱেৰ ইঞ্জিনিয়াৰ। কইনা থাকে পুনেত। চাকৰি কৰে ব্যক্তিগত কোম্পানীত। মেট্ৰিমনিয়েল ছাইটত চিনাকি হৈছিল দুয়ো। তাৰ পাছতেই বিয়াৰ দিশে আগবাঢ়িল কথাবোৰ।
১৫ ডিচেম্বৰত দিন ধাৰ্য
আড়ম্বৰপূৰ্ণ আয়োজন কইনাঘৰত। এটা সময়ত দৰা আহিল। ইটো সিটো পৰ্বৰে আগবাঢ়িল সময়।
লগ্ন আছিল সন্ধিয়া ৬.৩০ বজাত
সেই সময় পাৰ হৈ গল। তাতেই আপত্তি দৰাৰ। লগ্ন উকলিল। গতিকে বিয়া নাপাতে। তাকে লৈ দৰা পক্ষ আৰু কইনা পক্ষৰ প্ৰথমে কথাৰ কটাকটি। হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। এটা সময়ত উপস্থিত হ’ল আৰক্ষী। বৰযাত্ৰীসহ দৰাই বহুনিশালৈ কটালে থানাত। কইনা লক্ষীপুৰৰ পয়লাপুৰৰ। দৰা কলকাতাৰ দমদম অঞ্চলৰ। বিয়া পাতিম বুলিয়েই আহিছিল লণ্ডনৰ পৰা। কিন্তু বিয়াখনেই নহ’ল। কইনাৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ।
যৌতুক দাবী কৰিছিল দৰাৰ পৰিয়ালে

সেয়ে কন্যাক বিয়া দিবলৈ অমান্তি হ’ল পৰিয়াল

আৰক্ষী আৰু কইনা পৰিয়ালে বাৰম্বাৰ বুজাইছিল দৰাক। কিন্তু দৰাই নুবুজে। ইতিমধ্যে দুয়োৰ মাজত সম্পন্ন হৈছে আইনী বিবাহ। তাৰ পাছতো লগ্ন উকলাৰ অজুহাতত বিয়া ভংগ কৰিলে দৰাই। কইনা পক্ষ এতিয়া কঠোৰ। এইজন দৰালৈ কোনো কাৰণত নিদিয়ে নিজৰ জীয়ৰীক। আইনী বিবাহ বিচ্ছেদৰ বাবেই সিদ্ধান্ত ললে ছোৱালীৰ পৰিয়ালে।
অভিযোগ-প্ৰতি অভিযোগ
প্ৰকৃততে কি কাৰণত যুৱকজনে এই কাম কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। লগ্ন নে আন কিবা কাৰণ। ছোৱালীৰ পৰিয়ালে কৰা অভিযোগেই সঁচা নেকি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...