এইবাৰ দিছপুৰ আৰক্ষীৰ এনকাউণ্টাৰ, ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালা গুলীবিদ্ধ

১২ ঘণ্টাৰ ভিতৰত ৰাজ্যত সংঘটিত হ’ল দুটাকৈ এনকাউণ্টাৰৰ ঘটনা। বিশ্বনাথৰ পিছত এইবাৰ দিছপুৰ আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত ইৰাণী গ্ৰুপৰ সদস্য। পলাবলৈ চেষ্টা কৰোতেই কলাক্ষেত্ৰৰ সমীপত আৰক্ষীয়ে গুলীয়ালে ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালাক।

শুকুৰবাৰে দিছপুৰ আৰক্ষীৰ জালত পৰিছিল অমৰ গোৱালা। পৌৰ নিগমৰ ধন লুট কৰিছিল ৪জনীয়া চক্ৰই। ঝাৰখণ্ডৰ পৰা আহিছিল ৪ জনীয়া দলটো। পুতলা পিষ্টল দেখুৱাই লুট কৰিছিল ৩ লাখ ৩৫ হাজাৰ টকা। অমৰ গোৱালাৰ উপৰি আন ৩ সদস্য পলাতক। গুলীবিদ্ধ অমৰ গোৱালাক সম্প্ৰতি ভৰ্তি কৰোৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...