বৰপেটাৰোড আৰক্ষীৰ ওপৰত আক্ৰমণ প্ৰায় ২০০জনীয়া দলৰ, কিয় আক্ৰমণ কৰিলে আৰক্ষীক?

এইবাৰ অপৰাধীৰ সন্ধানত যোৱা আৰক্ষীৰ ওপৰতেই চলিল আক্ৰমণ। প্ৰায় ২০০জনীয়া দলে আক্ৰমণ কৰিলে বৰপেটাৰোড আৰক্ষীক। বৰপেটাৰ হাউলীৰ সমীপৰ হেলনাৰ পাম গাঁৱত নিশা বৰপেটা ৰোড আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ৷

বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অধীনৰ হেলনাৰ পাম গাঁৱলৈ অভিযুক্তৰ সন্ধানত যোৱা বৰপেটা ৰোড আৰক্ষীৰ এটা দলৰ ওপৰত স্থানীয় একাংশ লোকে চলালে আক্ৰমণ৷

অপৰাধীৰ পক্ষত ওলাই অহা গাঁওখনৰ প্ৰায় দুশজনীয়া দলে দা, লাঠী আৰু আন চোকা অস্ত্ৰৰে আৰক্ষীৰ দলটোৰ ওপৰতে চলালে আক্ৰমণ এই ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হয় আৰক্ষীৰ সৈতে যোৱা ছায়েদ আলী নামৰ এজন লোক।

আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তথা আক্ৰমণকাৰীক ছত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

উক্ত আক্ৰমণত আৰক্ষীৰ কোনো লোক আহত হৈছে নে নাই সেই তথ্য সদৰী কৰা নাই আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ নিশা সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কামাল মিৰ আৰু ছানিদুল ইছলাম আৰু ৰাজিবুল আলী নামৰ তিনিজনক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে মায়াক!

চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে...

বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈ কোন প্ৰাক্তন মন্ত্ৰীৰ নাতিনী? উদ্ধাৰ হ’ল মায়াৰ পৰিচয়

উদ্ধাৰ হ’ল বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈৰ পৰিচয়। প্ৰাক্তন...

অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তি চুৰিক লৈ কি ক’লে শিখা মজিন্দাৰ বৰুৱাই?

বহু চৰ্চিত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ আকৌ চৰ্চালৈ আহিছে।...

কেতিয়াৰ পৰা আৰম্ভ হৈছিল অগ্নিনাভ শিৱ মন্দিৰ? 

বহু চৰ্চিত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ আকৌ চৰ্চালৈ আহিছে।...