ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি, বিলাসীপাৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ফৰিজ উদ্দিন আহমেদ

0 213

ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি। বিলাসীপাৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ফৰিজ উদ্দিন আহমেদ। ফৰিজ উদ্দিনৰ ভুৱা চিকিৎসাৰ বলি হৈ মৃত্যুৰে যুঁজিছে এজন। ভুৱা চিকিৎসাৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ বি বৰুৱা হাস্পতালত চিকিৎসাধীন আব্দুল কৰিম নামৰ লোকজন। দাঁতৰ বিষৰ বাবে ফৰিজ উদ্দিনৰ কাষ চাপিছিল আব্দুল কৰিম।

ভণ্ড চিকিৎসকে ব্যক্তিজনৰ দাঁত উঠাই দিছিল। কিন্তু দাঁতৰ আধাখিনি ভিতৰত থাকি অহাত সেয়া পিছলৈ কৰ্কট ৰোগৰ ৰূপ লয়। পেচাত চৰকাৰী শিক্ষক ফৰিজ উদ্দিনে নিজৰ ঘৰতে খুলি লৈছিল চিকিৎসালয়। শিক্ষকৰূপী ভণ্ড চিকিৎসকে দীৰ্ঘদিনৰ পৰা দুৰ্গম চৰ অঞ্চলত চলাই আহিছিল চিকিৎসা। কৰিম উদ্দিনৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত ভণ্ড চিকিৎসকক গ্ৰেপ্তাৰ।

Leave A Reply

Your email address will not be published.