পশ্চিমবংগৰ হলদিয়া তেল শোধনাগাৰত ভয়াৱহ বিস্ফোৰণ, ৩ জনকৈ লোকৰ মৃত্যু

0 37

পশ্চিমবংগৰ হলদিয়া তেল শোধনাগাৰত সংঘটিত ভয়াৱহ বিস্ফোৰণ। এক অগ্নিকাম্ডৰ ফলত তেল সোধনাগৰটোত সংঘটিত হয় এই বিস্ফোৰণ। এই ঘটনাত ৩ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ৪৪ জন লোক। মংগলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ডটো।

কাৰকানাৰ শ্ৰমিকসকলে জনোৱা মতে শোধনাগাৰটোৰ এটা টাৱাৰত হঠাতে জুই লাগি যায়। যাৰ ফলতে এই সমগ্ৰ ঘটনা সংঘটিত হবলৈ পালে। আহত শ্ৰমিকসকলক বহুকেইজনকে গ্ৰীণ কৰিডৰেৰে কলকতালৈকে লৈ যোৱা হয়। কিন্তু এই অগ্নিকাণ্ড কিহৰ বাবে সংঘটিত হল তাৰ কাৰণ এতিয়ালৈ সদৰী কৰা নাই শোধনাগাৰ কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.