কয়লা মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, জালত ইমৰুল হুছেইন বৰভূঞা

কয়লা মাফিয়াৰ বিৰুদ্ধে কাছাৰত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ নিশা গ্ৰেপ্তাৰ কৰা হৈছে আন এজন কয়লা দালাল ইমৰুল হুছেইন বৰভূঞা৷ কাটিগড়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইমৰুল হুছেইন বৰভূঞা নামৰ কয়লা দালালটোক৷ নিশাৰ আন্ধাৰত অবৈধ কয়লাভৰ্তি বাহন দিগৰখালত থকা ত্ৰিস্তৰীয় চেকগে’ট পাৰ কৰি দিয়াৰ নামত ধন আদায় কৰিছিল ইমৰুলে। যোৱা বুধবাৰৰ নিশা কয়লাভৰ্তি PB11 BN 5655 নম্বৰৰ এখন বাহন জব্দ হোৱাৰ পিছত গাড়ীচালক ৰাকেশ কুমাৰ সিঙে আৰক্ষীক জনাইছিল যে ইমৰুল নামৰ এজন যুৱকে তেওঁৰ পৰা ৬ হেজাৰ টকা লৈ পাৰ কৰাই দিছিল চেকগে’ট। চালকজনৰ ভাষ্যৰ ভিত্তিত নিশা ইমৰুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...