শীৰ্ষ আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰি প্ৰেমিকাক লৈ থানাত উপস্থিত যুৱক! তাৰ পিছতে হ’ল গ্ৰেপ্তাৰ

কলকাতাৰ এন্টালি থানাৰ কাহিনী এয়া। এজন যুৱকে তেওঁৰ প্ৰেমিকাক লগত লৈ থানাত উপস্থিত হয়। যুৱকজনৰ পৰিধানত আৰক্ষীৰ পোছাক, য’ত লিখা আছে ‘ইনস্পেক্টৰ অৱ ৱেষ্ট বেংগল পুলিচ’। তেওঁ থানাত প্ৰৱেশ কৰিয়েই এফালৰ পৰা সকলোকে চেল্যুট কৰিছে। তেওঁৰ পোছাকত লাগি থকা ‘ইনস্পেক্টৰ অৱ ৱেষ্ট বেংগল পুলিচ’ পদমৰ্যাদাৰ নিয়মো মানি চলা দেখা নগৈছিল। এই আচৰণত থানাৰ কৰ্মচাৰীসকলৰ সন্দেহ জাগে। তাৰ পিছত আৰক্ষীৰ প্ৰশ্নৰ সন্মুখীন হৈ যুৱকজন থতমত খাই অসংলগ্ন উত্তৰ দিবলৈ ধৰে। ফলত আৰক্ষীসকলে বুজিবলৈ বাকী নাথাকিল যে তেওঁ এজন ভুৱা আৰক্ষী। তৎক্ষণাৎ তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনা শুকুৰবাৰে এন্টালি থানাত সংঘটিত হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত যুৱকৰ নাম দীপ্তেন্দু বাগ, তেওঁ দক্ষিণ ২৪ পৰগনাৰ কেনিং অঞ্চলৰ বাসিন্দা। প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে যে, তেওঁ নিজৰ প্ৰেমিকাৰ মন জয় কৰিবলৈ আৰক্ষী বিষয়াৰ বেশত থানালৈ আহিছিল। কিন্তু এই ঘটনাৰ আঁৰত আন কোনো উদ্দেশ্য আছে নেকি, তাকো পৰীক্ষা কৰা হৈছে। আৰক্ষীৰ মতে, কোনো ইনস্পেক্টৰে নিজৰ অধীনস্থক চেল্যুট নকৰে। কিন্তু দীপ্তেন্দুৱে সকলোকে চেল্যুট কৰাৰ ধৰণটো আৰক্ষীৰ বাবে অস্বাভাৱিক যেন লাগিছিল। তেওঁলোকে তৎক্ষণাৎ বুজি পায় যে তেওঁ ভুৱা আৰক্ষী।

জেৰাত ধৃত যুৱকজনে কয় যে, কেইদিনমান আগতে তেওঁৰ মানিবেগ চুৰি হৈ গৈছিল। তেওঁ এন্টালি থানাত অভিযোগ দাখিল কৰিবলৈ আহিছিল। সেই সময়ত থানাৰ এজন আৰক্ষী বিষয়াই তেওঁক ধন দি সহায় কৰিছিল। সেই বিষয়াজনক ধন্যবাদ জনাবলৈ তেওঁ প্ৰেমিকাক লগত লৈ থানালৈ আহিছিল। কিন্তু আৰক্ষীৰ পোছাক পৰিধান কৰি কিয় আহিছিল, তাৰ স্পষ্ট উত্তৰ এতিয়াও পোৱা নাই।

যুৱকজনে জেৰাত যি কৈছে, সেই সকলোখিনি পৰ্যালোচনা কৰা হৈছে। অৱশ্যে, তেওঁৰ সৈতে থানালৈ অহা প্ৰেমিকাগৰাকীক আইনৰ আওতালৈ অনা হোৱা নাই বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...