নাবালিকা জীয়েকক বিয়া দিয়াৰ অপচেষ্টা আৰক্ষী জোৱানৰ, জালত ছৰিফ উদ্দিন

এইবাৰ আৰক্ষীৰ ঘৰত আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযান। বেটী বচাও, বেটী পঢ়াও অভিযান, ছাত্ৰীক উচ্চশিক্ষা আৰু আত্মনিৰ্ভৰশীলতা তথা স্বাৱলম্বনৰ বাবে পদক্ষেপ লোৱাৰ সময়তে আন এক উদ্বিগ্নজনক খবৰ পোহৰলৈ আহিছে। ধিঙৰ পাণবাৰীৰ অসম আৰক্ষীৰ কনিষ্টবলে নিজৰ নাবালিকা জীয়ৰীক আনুষ্ঠানিকভাৱে বিয়া দিবলৈ লওঁতেই চাইল্ড লাইন আৰু আৰক্ষীয়ে বন্ধ কৰিলে বিয়া। ছৰিফ উদ্দিন নামৰ আৰক্ষী কনিষ্টবলজনৰ বাসগৃহৰ বিবাহ মণ্ডপত আৰক্ষী উপস্থিত হৈ বন্ধ কৰিলে বাল্য বিবাহ। এগৰাকী আৰক্ষী কনিষ্টবলে আইন ভংগ কৰি নাবালিকা কন্যাক বিয়া দিবলৈ ওলোৱা কাৰ্য্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৰ্তমান ধিং আৰক্ষী থানাত কৰ্মৰত হৈ আছে ধৃত ছৰিফ উদ্দিন নামৰ আৰক্ষী কনিষ্টবলজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...