আৰক্ষী যোৱাৰ খবৰ আগতীয়াকৈ দিছিল গৰু বেপাৰীক, জালত গৃহৰক্ষী জোৱান

মানকাচৰৰ ফুলেৰচৰত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান। নুৰ হুছেইন নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ। দুমাহ পূৰ্বে তেওঁক পদৰ পৰা নিলম্বন কৰা হৈছে। গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ। আৰক্ষীয়ে অভিযান চলাবলৈ যোৱাৰ খবৰ আগতীয়াকৈ গৰুৰ চোৰাং ব্যৱসায়ীক যোগান দি অহাৰ অভিযোগ। যোৱা ৯ জানুৱাৰীৰ নিশা নিজৰ ডি আই মহিন্দ্ৰা পিক আপ ভেন বাহনখনেৰে বাংলাদেশলৈ চোৰাং গৰু নিয়া অৱস্থাত আৰক্ষীয়ে ৪টা গৰুসহ জব্দ কৰিছিল গাড়ীখন। ইয়াৰ পিছতে এম এল ০৮ চি ৪১৬৪ নম্বৰৰ গাড়ীখন আৰক্ষীয়ে জব্দ কৰি বিচাৰি আছিল। দীৰ্ঘদিনে আত্মগোপন কৰি থকা গৃহৰক্ষী জোৱানজনক আৰক্ষী অধীক্ষকজনে চোৰাং ব্যৱসায় কৰাৰ অভিযোগত নিলম্বন কৰিছিল। নিশা গোপন সূত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে নুৰ হুছেইনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...