ক’ত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি?

মহানগৰীৰ জালুকবাৰীত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি
২৫০ফুট উচ্চতাৰ ব্ৰঞ্জেৰে নিৰ্মান কৰা হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটো
প্ৰতিমূৰ্তিৰ তলত থাকিব ৬ মহলীয়া এটি অট্টালিকা
প্ৰতিমূৰ্তিথলীত আৰম্ভ হ’ল ভূমি পূজন

জালুকবাৰীত অচিৰেই নিৰ্মাণ কৰা হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত আজিৰে পৰা আৰম্ভ হৈছে ভূমি পূজন। ৩দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ভূমি পূজনৰ । জালুকবাৰীৰ পৰা আদাবাৰী অভিমুখী পথৰ দাঁতিত নিৰ্মাণ হব প্ৰতিমূৰ্তিটো।
২৫০ফুট উচ্চতাৰ বিশাল নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি।
বঞ্জেৰে নিৰ্মাণ কৰা হব মোডীৰ প্ৰতিমূৰ্তিটো।
নবীন চন্দ্ৰ বৰাৰ নামৰ ব্যৱসায়ীজনে নিজাববীয়াকৈ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তিটো।
প্ৰায় ২০০ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব প্ৰতিমূৰ্তিটো।
৬ কঠা মাটি নামাকৰণ নৰেন্দ্ৰ মোডী কমপ্লেক্স নামেৰে।
প্ৰতিমুৰ্তিৰ তলত থাকিব এটি ৬ মহলীয়া অট্টালিকাও। প্ৰধানমন্ত্ৰীৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈছে ব্যৱসায়ী নবীন চন্দ্ৰ বৰা। তেঁও জীৱনত নৰেন্দ্ৰ মোডীতকৈ ভাল মানুহ কোনো নোপোৱাৰ বাবেই এই প্ৰতিমূৰ্তিটো প্ৰধানমন্ত্ৰীগৰাকীলৈ উৰ্ছগা কৰি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। প্ৰতিমুৰ্তিৰ বাবে প্ৰধানমন্ত্ৰী মোডীক চিঠি প্ৰেৰণ কৰিছে ব্যৱসায়ীজনে।
প্ৰতিমূৰ্তিটোৰ তলত নিৰ্মাণ হ’ব লগীয়া ৬ মহলীয়া অট্টালিকাটোৰ পৰা পোৱা ধনেৰে চোৱা-চিতা কৰা হব প্ৰতিমূৰ্তিটোৰ। আজিৰে আৰম্ভ হোৱা ভূমি পূজনত ইতিমধ্যে ধৰ্মীয় ৰীতি নীতিৰে চলিছে পুৰ্জা অৰ্চনা। আগন্তুক ২বছৰৰ ভিতৰত নিৰ্মাণ সম্পুৰ্ণ হৈ উঠিব এই প্ৰতিমূৰ্তিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...