ক’ত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি?

মহানগৰীৰ জালুকবাৰীত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি
২৫০ফুট উচ্চতাৰ ব্ৰঞ্জেৰে নিৰ্মান কৰা হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটো
প্ৰতিমূৰ্তিৰ তলত থাকিব ৬ মহলীয়া এটি অট্টালিকা
প্ৰতিমূৰ্তিথলীত আৰম্ভ হ’ল ভূমি পূজন

জালুকবাৰীত অচিৰেই নিৰ্মাণ কৰা হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত আজিৰে পৰা আৰম্ভ হৈছে ভূমি পূজন। ৩দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ভূমি পূজনৰ । জালুকবাৰীৰ পৰা আদাবাৰী অভিমুখী পথৰ দাঁতিত নিৰ্মাণ হব প্ৰতিমূৰ্তিটো।
২৫০ফুট উচ্চতাৰ বিশাল নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি।
বঞ্জেৰে নিৰ্মাণ কৰা হব মোডীৰ প্ৰতিমূৰ্তিটো।
নবীন চন্দ্ৰ বৰাৰ নামৰ ব্যৱসায়ীজনে নিজাববীয়াকৈ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তিটো।
প্ৰায় ২০০ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব প্ৰতিমূৰ্তিটো।
৬ কঠা মাটি নামাকৰণ নৰেন্দ্ৰ মোডী কমপ্লেক্স নামেৰে।
প্ৰতিমুৰ্তিৰ তলত থাকিব এটি ৬ মহলীয়া অট্টালিকাও। প্ৰধানমন্ত্ৰীৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈছে ব্যৱসায়ী নবীন চন্দ্ৰ বৰা। তেঁও জীৱনত নৰেন্দ্ৰ মোডীতকৈ ভাল মানুহ কোনো নোপোৱাৰ বাবেই এই প্ৰতিমূৰ্তিটো প্ৰধানমন্ত্ৰীগৰাকীলৈ উৰ্ছগা কৰি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। প্ৰতিমুৰ্তিৰ বাবে প্ৰধানমন্ত্ৰী মোডীক চিঠি প্ৰেৰণ কৰিছে ব্যৱসায়ীজনে।
প্ৰতিমূৰ্তিটোৰ তলত নিৰ্মাণ হ’ব লগীয়া ৬ মহলীয়া অট্টালিকাটোৰ পৰা পোৱা ধনেৰে চোৱা-চিতা কৰা হব প্ৰতিমূৰ্তিটোৰ। আজিৰে আৰম্ভ হোৱা ভূমি পূজনত ইতিমধ্যে ধৰ্মীয় ৰীতি নীতিৰে চলিছে পুৰ্জা অৰ্চনা। আগন্তুক ২বছৰৰ ভিতৰত নিৰ্মাণ সম্পুৰ্ণ হৈ উঠিব এই প্ৰতিমূৰ্তিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...

১৯৩ বছৰীয়া জোনাথন; বিশ্বৰ আটাইতকৈ পুৰণি স্থলজ প্ৰাণীৰ ৰহস্যময় জীৱন

জোনাথন হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত স্থলজ প্ৰাণী! জোনাথন নামৰ...