২৮ জানুৱাৰীত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হ’ল ফিল্মফেয়াৰ এৱাৰ্ড

দেশৰ শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট। স্বামী-স্ত্ৰী দুয়ো লাভ কৰিছে ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান। গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হয় 69 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত এইবাৰ কেইবাটাও বঁটাৰে উজলিল বিধু বিনোদ চোপ্ৰাৰ 12 Fail

২৮ জানুৱাৰীত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হ’ল ফিল্মফেয়াৰ এৱাৰ্ড
শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটলৈ
‘এনিমেল’ ছবিত দুৰ্দান্ত অভিনয়েৰে শ্ৰেষ্ঠ অভিনেতা নিৰ্বাচিত ৰণবীৰ কাপুৰ
ৰকী অ’ৰ ৰাণী কী প্ৰেম কাহিনীত অভিনয়েৰে শ্ৰেষ্ঠ অভিনেত্ৰী হ’ল মোহময়ী আলিয়া ভাট
ফিল্ম ফেয়াৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ সন্মান 12 Failলৈ
বিধু বিনোদ চোপ্ৰাই লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা

৩ অক্টোবৰত মুক্তিলাভ কৰিছিল 12 Fail চিনেমাখন। চম্বলৰ এখন গাঁৱৰ পৰা গৈ দিল্লীৰ মুখাৰ্জী নগৰত ইউ পি এছ চিৰ প্ৰস্তুতি চলোৱা মনোজ কুমাৰ শৰ্মাৰ বাস্তৱ কাহিনীৰে নিৰ্মাণ হৈছে 12 Fail। ছবিখনত IPS মনোজ কুমাৰ শৰ্মাৰ চৰিত্ৰতো সুন্দৰ ৰূপত ফুটাই তুলিছে অভিনেতা বিক্ৰান্ত মেছিয়ে। দিল্লীত শৌচাগাৰৰ চাফাই কৰ্মী হিচাপে কৰ্মজীৱন আৰম্ভ কৰি এজন আই পি এছ হোৱালৈকে ৰোমাঞ্চকৰ কাহিনী 12 Failৰ। যথেষ্ট আৰ্থিক অনাটনকো নেওচি এজন সফল আই পি এছ হোৱালৈকে 12 Failৰ কাহিনীয়ে অন্তৰ স্পৰ্শ কৰিছে অগণন চলচ্চিত্ৰ অনুৰাগীৰ। অসৰহ শাৰিৰীক-মানসিক শ্ৰমৰ পাছতো বাৰে-বাৰে ব্যৰ্থ হৈছিল মনোজ কুমাৰ শৰ্মা। ভাঙিব খোজা মনোবলক সামৰি আকাংক্ষিতসকলৰ সফলতা প্ৰাপ্তিৰ এক সুন্দৰ কাহিনী দেখুওৱা হৈছে 12 Failত। হিন্দীৰ সমান্তৰালকৈ তামিল, তেলেগু আৰু মালয়ালম ভাষাতো মুক্তি পাইছে ছবিখন। বলীউডৰ সদ্য মুক্তিপ্ৰাপ্ত ‘ডাংকি’ত অভিনয়েৰে

শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান লাভ বিকি কৌশলৰ। ৰকী অ’ৰ ৰাণী কী প্ৰেম কাহানীত অভিনয়েৰে। শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ শ্বাৱানা আজমীৰ। ৰণবীৰ কাপুৰ অভিনীত এনিমেল ছবিখনৰ ARJAN VAILLY গীতটোৰ বাবে পুৰুষৰ শিতানত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিছে ভূপিন্দৰ বাব্বালে
মহিলা কণ্ঠশিল্পীৰ শিতানত শিল্পা ৰাওলৈ শ্ৰেষ্ঠ প্লেবেক ছিংগাৰ

শ্বাহৰুখ-দীপিকা অভিনীত পাঠান ছবিখনৰ ‘বেচৰম ৰংগ’ গীতটোৰ বাবে এই বঁটা লাভ কৰিছে শিল্পা ৰাওলৈ। ‘তেৰে বাস্তে ফলক চে’ ছবিৰ বাবে শ্ৰেষ্ঠ গীতিকাৰৰ সন্মান লাভ কৰিলে অমিতাভ ভট্টাচাৰ্যলৈ। বছৰটোৰ প্ৰথমটো চলচ্চিত্ৰ বঁটা অনুষ্ঠানত কেইবাটাও বঁটাৰে উজলিল 12 Fail।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...